বৰপেটা, ২ জুলাইঃ ৰাজ্যত সম্প্ৰতি ভয়াৱহ বান পৰিস্থিতি । বৰপেটা জিলাৰ চেঙা সমষ্টিতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে বলীয়া বানে । অবৰ্ণনীয় হৈ পৰিছে বান পৰিস্থিতি । বানাক্ৰান্তৰ কাষত এইবাৰ থিয় হ'ল বিজেপিৰ যুৱ নেতা অভিজিৎ সাহা। বহৰিৰ যুৱক অভিজিৎ সাহাই দেখুৱালে মহানুভৱতা। বিজেপিৰ যুৱ নেতা গৰাকীয়ে চেঙা সমষ্টিৰ ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়ত আৰু দক্ষিণ গোধুনী গাঁও পঞ্চায়তৰ চৰাঞ্চলৰ বান শিবিৰত থকা বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী ।
ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰা পৰিয়াল সমূহৰ মাজত চিৰা,চেনি,বিস্কুট,মমবাতি,দিয়াচলাই,বিশুদ্ধ খোৱা পানী আদি বিতৰণ কৰে অভিজিৎ সাহাই । চেঙা সমষ্টিৰ প্ৰায় ত্ৰিশজনীয়া যুৱকৰ দলে যন্ত্ৰচালিত নাৱেৰে শিবিৰে শিবিৰে গৈ খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰে । প্ৰায় 40 টা শিবিৰত বিতৰণ কৰে খাদ্য- সামগ্ৰী সমূহ । বিপদৰ সময়ত বন্যাৰ্তৰ কাষত থিয় হোৱা যুৱ নেতা তথা সমাজকৰ্মী অভিজিৎ সাহাৰ এই মহানুভৱতাক সচেতন মহলে যথেষ্ট প্ৰশংসা কৰে ।
লগতে পঢ়কঃৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি