ETV Bharat / state

Book fair in Sarukhetri: সৰ্থেবাৰীত পঞ্চদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা আৰম্ভ

author img

By

Published : Nov 2, 2022, 9:15 PM IST

সৰ্থেবাৰীত বুধবাৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চাদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা(15th Sarukhetri Book Fair) । গ্ৰন্থমেলাৰ মুখ্যদ্বাৰ মুকলি কৰে বিশিষ্ট পণ্ডিত-গৱেষক তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই(Fifteenth Sarukhetri book fair begins at Sarthebari) । গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰো ।

Fifteenth Sarukhetri book fair begins at Sarthebari
সৰ্থেবাৰীত পঞ্চদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা আৰম্ভ

বৰপেটা,২ নৱেম্বৰ: বৰপেটা জিলাৰ ঐতিহাসিক কাঁহশিল্প নগৰী সৰ্থেবাৰীত বুধবাৰৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে পঞ্চাদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা(15th Sarukhetri Book Fair) । ভিক্টৰ গ্ৰুপ, সৰ্থেবাৰীৰ উদ্যোগত সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে পঞ্চাদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা । গ্ৰন্থমেলাৰ মুখ্যদ্বাৰ মুকলি কৰে বিশিষ্ট পণ্ডিত-গৱেষক তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই(Fifteenth Sarukhetri book fair begins at Sarthebari) ।

ইয়াৰ পিছতেই সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ অধৰ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা । গ্ৰন্থ উন্মোচনী সভাখনত তিনিখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয়(Number of books were released at book fair) । জয়জিৎ ডেকাৰ কবিতা পুথি "ৰেডিঅ'ত দীপালি" উন্মোচন কৰে বিশিষ্ট পণ্ডিত-গৱেষক, সাহিত্যিক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাই ।

নিজৰা বৰ্মন ডেকাৰ কাব্যগ্ৰন্থ "সভ্যতাৰ সেউজীয়া পথাৰ" উন্মোচন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে আৰু অপৰ্ণা ভূঞা বৰ্মনৰ কাব্যগ্ৰন্থ "স্বপ্নালী তোমাৰ ভাল নে" উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সাংবাদিক চক্ৰেশ্বৰ ডেকাই । উল্লেখ্য যে পুৱা গ্ৰন্থমেলাৰ মুখ্য পতাকা উত্তোলন কৰে পঞ্চাদশ সৰুক্ষেত্ৰী গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি পৰাগ ডেকাই ।

ইয়াৰ পিছতেই গছপুলি ৰোপন কাৰ্যসূচীত শুভাৰম্ভ কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ তৰুণ চন্দ্ৰ বৰা আৰু বিশ্ববিদ্যালয়খনৰ সহকাৰী অধ্যাপক ড৹ গোৱিন্দ প্ৰসাদ ভূঞাই । শ্বহীদ তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্পক হিচাপে উপস্থিত থাকি কাৰ্যসূচী ৰূপায়ন কৰে বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰমেশ দাস আৰু সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা সৰলা দেৱীয়ে । স্মৃতি তৰ্পণ কাৰ্যসূচীত উপস্থিত থাকে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰ । ইয়াৰ উপৰিও বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.