ETV Bharat / state

Eviction in Barpeta: বৰপেটাত প্ৰশাসনে অভিযান চলাই বেদখলমুক্ত কৰিলে এটা পথ

author img

By

Published : Jan 28, 2023, 8:49 PM IST

এইবাৰ বৰপেটাত উচ্ছেদ অভিযান । বৰপেটাৰ হৰিপুৰৰ গাঁৱৰ মাদ্ৰাছা চ'কত উচ্ছেদ অভিযান । প্ৰায় ৩৫ বছৰ ধৰি বেদখল কৰি থকা এটা পথত উচ্ছেদ অভিযান বৰপেটা জিলা প্ৰশাসনৰ (eviction in Barpeta) ।

Eviction at Madrasa Chowk at Bahari in Barpeta
বৰপেটাৰ বহৰিৰ মাদ্ৰাছা চ'কত চলিল প্ৰশাসনৰ উচ্ছেদ

বৰপেটা,২৮ জানুৱাৰী: ৰাজ্যত অব্যাহত আছে বেদখলমুক্ত অভিযান (eviction drive of Assam govt) । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশত তথা স্থানীয় জিলা প্ৰশাসনৰ উদ্যোগত চলি আছে এই বেদখলমুক্তকৰণ অভিযান (eviction drive in various places of Assam) । বিশেষকৈ চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল তথা সত্ৰ আদিৰ দৰে বিভিন্ন চৰকাৰী অনুষ্ঠানৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰে অব্যাহত ৰাখিছে এই বেদখলবিৰোধী অভিযান ।

এইবাৰ তেনে এক অভিযানেই চলিল বৰপেটাত (eviction in Barpeta) । বৰপেটাৰ বহৰিৰ হৰিপুৰ গাঁৱৰ মাদ্ৰাছা চ'কত জিলা প্ৰশাসনে চলায় এই উচ্ছেদ অভিযান (eviction on road in Barpeta) ৷ উল্লেখ্য যে বিগত প্ৰায় ৩০ বছৰ ধৰি অঞ্চলটোৰ এটা পথ বেদখলকাৰীৰ কবলত আছিল ৷ ৩৫ ফুট বহল ডেৰ কিলোমিটাৰজোৰা এই পথটো বেদখলৰ কবলত পৰাত অঞ্চলবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছিল ভীষণ সমস্যাৰ ৷

অৱশেষত ৰাইজৰ দাবীত চেঙাৰ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱৰ নেতৃত্বত জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলাই পথতো বেদখলমুক্ত কৰে ৷ উল্লেখ কৰিব লাগিব যে প্ৰায় ডেৰ কিলোমিটাৰজোৰা এই পথটো বেদখল কৰি একাংশই তাত পকীঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল ৷ ইফালে পথটো বেদখলমুক্ত কৰাৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ৷

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণৰ পিছতে ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনসমূহ বেদখল উচ্ছেদৰ বাবে অধিক সক্ৰিয় হৈ পৰিছে । তাৰেই ফলশ্ৰুতিত বিগত বৰ্ষত ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ধলপুৰত চলিছিল ব্যাপক উচ্ছেদ অভিযান । উক্ত উচ্ছেদ অভিযানত কেইবা হাজাৰ বিঘা মাটি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰা হয় । আনহাতে, সেই সময়ৰ এই উচ্ছেদক লৈ ৰাজ্য তথা দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয় ।

লগতে বিৰোধী তথা একাংশই সেয়া এক অমানৱীয় কাৰ্য বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে । ইয়াৰ পিছতে অবৈধ আৰু উগ্ৰপন্থামূলক কাৰ্যকলাপ বিশেষকৈ জেহাদীৰ সৈতে জড়িতৰ অভিযোগত বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, হোজাই, মৰিগাঁও আদি জিলাৰ একাংশ মাদ্ৰাছাত উচ্ছেদ চলোৱা হয় । লগতে মাদ্ৰাছাবোৰ সম্পূৰ্ণৰূপে ভাঙি পোলোৱা হয় । ইয়াৰ সমান্তৰালভাৱে বটদ্ৰৱাতো চলোৱা হয় উচ্ছেদ ।

শেহতীয়াভাৱে পাভ সংৰক্ষিত বনাঞ্চলতো উচ্ছেদ চলোৱা হয় । মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰৰ এই উচ্ছেদ অভিযানক একাংশক ৰাইজে সমৰ্থন জনালেও আন কেতবোৰ উচ্ছেদৰ বিৰোধিতা কৰা হৈছে । লগতে আইন উলংঘা কৰি উচ্ছেদ কাৰ্য চলোৱাৰো অভিযোগ উত্থাপন হৈছে । তাৰ মাজতে আকৌ উচ্ছেদ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৰিহণাৰো সন্মুখীন হৈছে ৰাজ্য চৰকাৰ ।

লগতে পঢ়ক: Assam DGP reaction on Madrassa : অবৈধ মাদ্ৰাছাক লৈ পুনৰ সৰৱ আৰক্ষী সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.