ETV Bharat / state

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে জনীয়াবাসীক

পথছোৱা দ হোৱাৰ বাবে এজাক বৰষুণতে একাঠু পানী হয়,যাৰ ফলত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগিব লগীয়া হৈছে ।

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে জনীয়াবাসীক
author img

By

Published : Jul 3, 2019, 11:25 AM IST

জনীয়া,৩ জুলাই : পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰখনে সৰ্বাংগীণ উন্নয়নৰ ঢাক ঢোল বজাই আহিলেও প্ৰকৃততে কিমান উন্নয়ন হৈছে ৰাজ্যৰ পথ সমূহ। জনীয়া সমষ্টিৰ কেইবাটাও জৰাজীৰ্ণ পথে অঞ্চলবাসীক জ্বলা-কলা খুৱাইছে।

জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে জনীয়াবাসীক

সদাব্যস্ত এই পথকেইটাৰে জনীয়া সমষ্টিৰ কেইবাখনো গাঁৱৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীয়ে যাতায়ত কৰে। পথকেইটাই ছুই গৈছে দুই -তিনিটাকৈ সমষ্টি। কিন্তু ৰাইজৰ অভিযোগ অনুসৰি পথকেইটা মেৰামতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই ৷ উল্লেখ্য যে ইয়াৰে এটা সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ সাংসদ আব্দুল খালেক। কেবাবাৰো স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে আবেদন কৰা স্বত্বেও বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই বুলি অভিযোগ দিয়ে ভুক্তভোগী ৰাইজে।

Intro:slug: as_jania_03jul_pukhuri_hodrikh_path_spl_package_story_vis3+byt4_asc10058

জনীয়া, ০৩ জুলাই: পৰিৱৰ্তনকামী সোনোৱাল চৰকাৰখনে সৰ্বাংগীন উন্নয়নৰ ঢাক ঢোল বজাই আহিলেও প্ৰকৃততে কিমান উন্নয়ন হৈছে ৰাজ্যৰ পথ সমূহ। চাওক ই টিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।Body:slug: as_jania_03jul_pukhuri_hodrikh_path_spl_package_story_vis3+byt4_asc10058

প্ৰথমে মন কৰক এই দৃশ্যলৈ আপুনি দেখি হয়তো ভাৱিছে এয়া কোনো পুখুৰী দৃশ্য। নহয় আপুনি ভূল ভাবিছে এয়া ৰাস্তাৰ মাজত বহল আকাৰৰ পুখুৰী সদৃশ এটা পথৰ দৃশ্য। এজাক বৰষুণ দিলেই ৰাস্তাত হৈ যায় এক আঁঠু পানী। এয়াই সৰ্বানন্দ সনোৱাৰ চৰকাৰৰ বিকশিত অসমৰ পয়ালগা ছবি। এই পথ কেইটাৰ লগত পৰিচয় কৰায় দিওঁ। প্ৰথমতে ছাওক বলাইপাথাৰৰ পৰা কলগাছিয়া বজাৰলৈ যোৱা পথছোৱা দ হোৱাৰ বাবে এজাক বৰষুণ পৰিলেই একাঠু পানী হোৱাত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগি আছে, দ্বিতীয়তে কলগাছিয়াৰ গুইলেজা গাঁওৰ পথ। কিন্তু পথটো দেখিলে আপুনি আচৰিত হ'ব। কিয়নো পথৰ ওপৰত গাত নে গাঁতৰ ওপৰত পথ ধৰিবই নোৱাৰি, তৃতীয়তে বালিকুৰিৰ পৰা কলগাছিয়া নৱজ্যোতি মহাবিদ্যালয়লৈ যোৱা পথ। সদাব্যস্ত পথকেইটাত চলাচল কৰে জনীয়া সমষ্টিৰ কেইবাখন গাঁওৰ স্কুলীয়া ছাত্র-ছাত্ৰীৰ লগতে অঞ্চলবাসী। পথকেইটাই ছুই গৈছে দুই -তিনিটাকৈ সমষ্ঠি। কিন্তু পথকেইটা মেৰামতি কৰিবলৈ আগবাঢ়ি অহা নাই কোনো এজন জনপ্ৰতিনিধি তথা সাংসদ আব্দুল খালেক। কেবাবাৰো স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে আবেদন কৰা সত্বেও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। ৰাজ্যত এটা বিয়াগোম গড়কাপ্তানী বিভাগ থকাৰ পিছতো জনীয়া সমষ্ঠিৰ গড়কাপ্তানী পথৰ এইবোৰ দৃশ্য।Conclusion:slug: as_jania_03jul_pukhuri_hodrikh_path_spl_package_story_vis3+byt4_asc10058

মন্তব্য: ভুক্তভোগী ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.