ETV Bharat / state

বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ আৰম্ভ

author img

By

Published : Jan 21, 2021, 5:09 PM IST

বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰৰ পৰা COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ । প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হ'ল চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামক ।

বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ আৰম্ভ
বৰপেটাৰ চেঙা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ আৰম্ভ

বৰপেটা, ২১ জানুৱাৰী: যোৱা ১৬ জানুৱাৰীৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হৈছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । সমান্তৰালকৈ উক্ত দিনটোৰ পৰাই ৰাজ্যৰ জিলাই জিলাই COVID-১৯ৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় । বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা ১৬ জানুৱাৰীৰ পৰাই টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰৰ পৰা COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ।

চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰথম দিনটোত চিকিৎসকসহ প্ৰায় ১০০ গৰাকী স্বাস্থ্য কৰ্মীক প্ৰতিষেধক প্ৰদান কৰা হ'ব । প্ৰথমটো প্ৰতিষেধক প্ৰদান কৰা হয় চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মহকুমা স্বাস্থ্য বিষয়া ডাঃ নুৰুল ইছলামক । বৰ্তমানলৈকে প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সুচাৰুৰূপে চলি আছে । লগতে প্ৰতিষেধক গ্ৰহণ কৰা ব্যক্তিসকলৰ দেহত পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই আৰু তেওঁলোক সুস্থ হৈ আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:কৰিমগঞ্জৰ চৰকাৰী ভূমিত ভূ-মাফিয়াৰ চকু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.