ETV Bharat / state

বটদ্ৰৱা উন্নয়ন খণ্ডত এম জি এন ৰেগা আচঁনিত অনিয়মৰ অভিযোগ

বটদ্ৰৱা উন্নয়ন খণ্ডত এম জি এন ৰেগা আচঁনিত অনিয়মৰ অভিযোগ ৷ জবকাৰ্ড শ্ৰমিকৰ বিপৰীতে ট্ৰেক্টৰেৰে কাম চলোৱাত ক্ষুব্ধ জবকাৰ্ড হিতাধিকাৰী ৷

এম জি এন ৰেগা আচঁনিত অনিয়ম !
author img

By

Published : May 14, 2019, 11:54 PM IST

বটদ্ৰৱা, 14 মে' : বটদ্ৰৱা উন্নয়ন খণ্ডত এম জি এন ৰেগা আচঁনিৰ নামত অনিয়মৰ অভিযোগ ৷ বিশেষকৈ আঁচনিৰ কামত শ্ৰমিক নিয়োগৰ পৰিৱৰ্তে ঠিকাদাৰে নিজা মইমতালিৰে টেক্টৰেৰে কাম চলোৱাৰ অভিযোগ একাংশ জবকাৰ্ড হিতাধিকাৰীৰ ৷ এম জি এনৰেগা আঁচনিৰ কামত প্ৰকৃত জবকাৰ্ড হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ঠিকাদাৰৰ স্বাৰ্থ সিদ্ধিৰ ট্ৰেক্টৰ ব্যৱহাৰ কৰা ক্ষুব্ধ হৈ পৰে হিতাধিকাৰীসকল । ইপিনে এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক হিতাধিকাৰীসকলে বিভিন্ন সময়ত ৰাইজে অৱগত কৰি আহিছে যদিও বিভাগটোৰ অভিযন্তা কিম্বা খণ্ড উন্নয়ন বিষয়াই কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ জাঙুৰ খাই উঠিছে হিতাধিকাৰীসকল ।

Intro:বটদ্ৰৱা উন্নয়ন খণ্ডত MGNREGA ৰ আচঁনিত ব্যাপক অনিয়ম । জবকাৰ্ড শ্ৰমিকৰ বিপৰীতে MGNREGA ৰ কামত নিয়োজিত টেক্টৰ । Body:পুনৰ বাতৰি শিৰোনামালৈ আহিল বটদ্ৰৱা উন্নয়ন খণ্ড । MGNREGA কে ধৰি চৰকাৰৰ অভিলাষী আঁচনিৰ ৰুপায়ন নামত সংঘটিত হৈ অহা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ তথ্য আহিছে পোহৰলৈ । বিশেষকৈ MGNREGA ৰ কামত শ্ৰমিক নিয়োগৰ পৰিবৰ্তে চলিছে ঠিকাদাৰ ৰাজ । বটদ্ৰৱা উন্নয়ন খণ্ডত এতিয়া দুষ্ট চক্রই মুক্ত ভাবে চলায় আহিছে ঠিকাদাৰ ৰাজ । অভিযোগ অনুসৰি বটদ্ৰৱাৰ ধনীয়াভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত অলিউল্লাৰ ঘৰৰ পৰা নেকবৰ আলীৰ ঘৰলৈ পথ নির্মাণৰ কামত নিয়োজিত হ'ল টেক্টৰ ।এম জি এনৰেগা আঁচনিৰ কাম প্ৰকৃত জবকাৰ্ড হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ঠিকাদাৰৰ স্বাৰ্থ সিদ্ধিৰ বাবে ব্যৱহাৰ কৰিছে ট্ৰেক্টৰ। এইয়া মাত্ৰ এটা উদাহৰণ হে। এনেদৰেই এতিয়া এম জি এনৰেগাৰ কামত জবকাৰ্ড শ্ৰমিকক বঞ্চিত কৰি এম জি এনৰেগাৰ কামত ঠিকাদাৰ বাহিনীয়ে মুকলি ভাৱে চলাইছে লুন্ঠন ৰাজ। বিভাগীয় কতৃপক্ষক এই বিষয়ে বিভিন্ন সময়ত ৰাইজে অবগত কৰিছে যদিও বিভাগটোৰ অভিযন্ত্ৰা কিম্বা খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে তাৎক্ষণিক কোনো পদক্ষেপ গ্ৰহন নকৰাক লৈ সচেতন মহল জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষই বটদ্ৰৱা উন্নয়ন খণ্ডত সংঘটিত অবাধ দুৰ্নীতিৰ আৰু ঠিকাদাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব ।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.