বৰপেটা, ২২ জানুৱাৰী : দেশত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সমগ্ৰ দেশতে আৰম্ভ হৈছে পথ সুৰক্ষা মাহ কাৰ্যসূচীৰ ৷ পথ আইনৰ প্ৰতি ৰাইজক সজাগ কৰি পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটা পৰিবহন বিভাগে শুকুৰবাৰে বৰপেটা সত্ৰৰ পৰা এক পদযাত্ৰা কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷
বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ পৰা পৰিবহন বিভাগে উলিওৱা পদযাত্ৰা কাৰ্যসূচীত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ লগতে বৰপেটা জিলা প্ৰশাসনৰ বিষয়া আৰু পৰিবহন বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷ পদযাত্ৰা কাৰ্যসূচীৰ লগতে বৰপেটা জিলা পৰিবহন বিভাগে বৰপেটাত মহিলাৰ মটৰ চাইকেল ৰেলী উলিওৱাৰ লগতে সজাগতামূলক বাটৰ নাট পৰিবেশন কৰে ৷
ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি বৰপেটা পৰিবহন বিভাগে হাতত লোৱা সজাগতামূলক কাৰ্যসূচীত অংশ লৈ পৰিবহন বিষয়া হিমাশু দাসে সকলোকে মটৰ চাইকেল চলোৱাৰ সময়ত হেলমেট পৰিধান কৰা, চীটবেল্ট লগোৱা, দ্ৰুত গতিত গাড়ী নচলোৱা আদি নিয়ম সমূহ পালন কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : ঐতিহ্যমণ্ডিত জোনবিল মেলাত অচল আধুনিক মুদ্ৰা