ETV Bharat / state

পুৱাই ৰক্তাক্ত হ’ল বালাৰ পাথাৰৰ মছজিদৰ চৌহদ - দক্ষিণ বালাৰ পাথাৰ গাঁৱৰ মছজিদ

পুৱাই উত্তপ্ত পৰিস্থিতি কলগাছিয়াৰ বালাৰ পাথাৰৰ মছজিদৰ চৌহদ ৷ ফজৰৰ নামাজ পঢ়ি থকা অৱস্থাত পৰান আলী নামৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ছোৰমান আলী নামৰ এজন নিচাসক্ত ব্যক্তিয়ে । যাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পৰান আলী ৷

পুৱাই ৰক্তাক্ত হ’ল বালাৰ পাথাৰৰ মছজিদৰ চৌহদ

author img

By

Published : Mar 25, 2021, 12:42 PM IST

জনীয়া, 25 মাৰ্চ: বৃহস্পতিবাৰে পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কলগাছিয়াৰ বালাৰ পাথাৰৰ মছজিদৰ চৌহদত ৷ ফজৰৰ নামাজ পঢ়ি থকা অৱস্থাত পৰান আলী নামৰ এজন ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ছোৰমান আলী নামৰ এজন নিচাসক্ত ব্যক্তিয়ে । যাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় পৰান আলী ৷ ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হয় পৰান আলীক ৷ আঘাতপ্ৰাপ্ত পৰান আলীৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ বালাৰ পাথাৰ গাঁৱৰ মছজিদত সংঘটিত হৈছে এই ঘটনা ৷

পুৱাই ৰক্তাক্ত হ’ল বালাৰ পাথাৰৰ মছজিদৰ চৌহদ

ইফালে কেমেৰাৰ সন্মুখতেই নিচাসক্ত ছোৰমান আলীক ৰচিৰে বান্ধি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত ছোৰমান আলীক স্থানীয় ৰাইজে গতাই দিয়ে আৰক্ষীক ৷ কোনো ধৰণৰ ব্যক্তিগত শত্ৰুতা নথকা স্বত্বেও কেৱল মদ-ভাং সেৱন কৰি ছোৰমান আলী নামৰ নিচাসক্ত ব্যক্তিজনে মাজে মাজে উদ্ভণ্ডালি কৰি থাকে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: বিজেপিয়ে তৰল সাম্প্ৰদায়িক কথাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে : লুৰিণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.