জনীয়া, ১৭ অক্টোবৰ: অবৈধ মাছৰ বজাৰে বিপদ মাতিছে বৰপেটাৰ জনীয়াৰ পাইকাৰী মাছ বজাৰলৈ। জনীয়া চৰকাৰী বজাৰৰ অধীনত দীৰ্ঘদিন ধৰি চলি আহিছে এই বজাৰখন। নামনি অসমৰ কেইবাখনো জিলা সামৰি লোৱা এই বজাৰখনে মৎস্য জীৱিসকলক নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰতো সহায়ক হিচাপে পৰিগণিত হৈছে। আনহাতে মৎস্য ব্যৱসায়ীক ব্যৱসায়ৰ বাবে এটা সুযোগ দি বৃহত্তৰ জনীয়া অঞ্চলক অৰ্থনৈতিক ভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে।
শেহতীয়াকৈ জনীয়া শ্মশান কমিটী নামেৰে একাংশ ব্যৱসায়ীয়ে জনীয়াৰ দ্বিতীয় ৰাজ্যিক ঘাইপথত অবৈধ বাবে চলাই গৈছে পাইকাৰী মাছ বজাৰ। চৰকাৰী নিয়ম অনুসৰি যিকোনো চৰকাৰী বজাৰৰ ৫০০ মিটাৰৰ ভিতৰত কোনো ব্যক্তিগত বজাৰ চলাব নোৱাৰিব। অবৈধ বজাৰখনৰ বিৰুদ্ধে হাট লেচি, জনীয়া-সালেকুৰা বজাৰ পৰিচালনা সমিতিয়ে বৰপেটা জিলা পৰিষদৰ লগতে বাঘবৰ ৰাজহ চক্ৰকো লিখিতভাৱে অভিযোগ দাখিল কৰিছে।
এই অভিযোগৰ ভিত্তিত বাঘবৰ ৰাজহ চক্ৰ বিষয়াই যোৱা ৯ অক্টোবৰত ৩ দিনৰ ভিতৰত অবৈধ বজাৰখন উঠাই লৈ যাবলৈ নিৰ্দ্দেশ দিয়ে। কিন্তু চক্ৰ বিষয়াৰ নিৰ্দেশনাক ভ্ৰূক্ষেপ নকৰি অবৈধ বজাৰখন চলাই আছে ব্যৱসায়ীসকলে। অৱশ্যে এতিয়া ঘাইপথৰ পৰা আঁতৰি ব্যক্তিগত ভূমিত বজাৰ স্থাপন কৰিছে। চক্ৰ বিষয়াৰ নিৰ্দেশনাক অমান্য কৰি অবৈধ ভাৱে বজাৰখন চলাই থকাৰ ক্ষেত্ৰত বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ ভূমিকাৰ ক্ষেত্ৰতো এতিয়া প্ৰশ্ন তুলিছে ৰাইজে।
ৰাস্তাত বজাৰ চলোৱাৰ কাৰণে সম্প্ৰতি ৰাস্তাৰ দাঁতিত একাঁঠু বোকা হৈ থকাৰ লগতে বজাৰখনৰ কাৰণে দুৰ্ঘটনা সংঘটিত হোৱাৰো আশংকা কৰিছে ৰাইজে। শীঘ্ৰেই হাট লেচি, জনীয়া-সালেকুৰা বজাৰ পৰিচালনা সমিতি আৰু ৰাইজে অবৈধ বজাৰখন বন্ধ কৰি দিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে।
লগতে পঢ়ক:বাক্সাৰ বাঙালীপাৰাত বি জে পিৰ কৰ্মীয়ে চুৰিকাঘাত কৰিলে যুৱকক