ETV Bharat / state

মিঞা ভোট নহ'লে আমি জিকিব নোৱাৰিম: গুনীন্দ্ৰ নাথ দাস

author img

By

Published : Feb 20, 2021, 12:28 PM IST

অগপৰ দখলত থকা বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে হাউলী বিদ্যাপীঠ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী এখনত অংশগ্ৰহন কৰি শুকুৰবাৰে সাংবাদিকৰ আগত মিঞা ভোট নহ'লে অগপ জিকিব নোৱাৰিব বুলি মন্তব্য কৰে ৷

মিঞা ভোট নহ'লে আমি জিকিব নোৱাৰিমঃ বিধায়ক গুনীন্দ্ৰ নাথ দাস

বৰপেটা, 20ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক নেতা সকলৰ মাজত আৰম্ভ হৈছে কথাৰ কটা কটি ৷ ৰাজনৈতিক সভা সমিতিৰ বাদেও বিভিন্ন ব্যক্তিগত অনুষ্ঠানতো আৰম্ভ হৈছে বাকযুদ্ধ ৷ যেন প্ৰাক নিৰ্বাচনীৰ গৰম বতাহ হে বলিছে এতিয়া ৰাজ্যত ৷

অগপৰ দখলত থকা বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে হাউলী বিদ্যাপীঠ আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনী এখনত অংশগ্ৰহন কৰি শুকুৰবাৰে সাংবাদিকৰ আগত মিঞা ভোট নহ'লে অগপ জিকিব নোৱাৰিব বুলি মন্তব্য কৰে ৷ ইপিনে অগপৰ দখলত থকা বৰপেট‍া সদৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে যি দাবী জনাই আহিছে ৷ সেয়া নস্যাৎ কৰি আগন্তুক নিৰ্বাচনত বৰপেটাত বিজেপিৰ প্ৰাৰ্থী নাথাকে বুলিও মন্তব্য কৰে বিধায়ক গুনীন্দ্ৰ নাথ দাসে ।

উল্লেখ্য যে, বৰপেটা জিলা বিজেপিৰ লগতে দলটোৰ সমষ্টি সমিতিয়ে বৰপেটা সমষ্টিতো এইবাৰ বিজেপিক এৰি দিব লাগে বুলি দাবী জনাই বিধায়ক গৰাকীয়ে । মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোট নালাগে বুলি ক’লেও যে আচলতে ৰাজ্যৰ বহু সমষ্টিত তেওঁলোকেই বিধায়ক নিৰ্বাচনত মূল ভূমিকা গ্ৰহন কৰে সেয়া বিধায়ক গুনীন্দ্ৰ নাথ দাসে স্বীকাৰ কৰিছে ৷ মিঞা ভোটক লৈ চলি থকা বিতৰ্কৰ মাজতে অগপৰ বিধায়ক গৰাকীৰ এনে মন্তব্যই স্বাভাৱিকতে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়কঃ বাক্সা জিলাত প্ৰশাসনৰ শীতকালীন বস্ত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.