বাক্সা,5 আগষ্টঃ বালিৰ মৰুভূমিৰ উপত্যকাত পৰিণত বাক্সাৰ তামুলপুৰৰ কৃষকৰ খেতি পথাৰ ৷ শস্যৰে ভৰি থকা সেউজীয়া পথাৰ খনৰ দুৰ্দশা ৷ পথাৰখনৰ লগতে যেন কৃষকৰ সপোন বোৰো নিমিষতে শাওণৰ বলিয়া বানে পুতি পেলাইছে বালিৰে ।বানৰ পিছত বাস্তৱৰ মুখামুখি হৈ হতাশাত ভাগৰি পৰিছে বাক্সা জিলাৰ হাজাৰ জন খেতিয়ক।
তামুলপুৰ মহকুমাৰ পশ্চিম চাপাতল গাঁৱৰ এহেজাৰ কৃষকৰ কৃষি ভূমি এতিয়া বালিৰ তলত। পশ্চিম চাপাতল গাঁওৰ অধিকাংশ পৰিয়ালেই কৃষিজীৱী। কিন্ত এই গাঁওখনৰ মাজেৰে বৈ যোৱা বলিয়া পাগলদিয়া বানে সৰ্বস্বান্ত কৰি পুতি পেলালে কৃষিভূমি। নিজৰ স্বপ্নৰ খেতি মাটিত দুবাৰকৈ কঠিয়া ৰোৱাৰ পাছত এনেদৰে নৈখনৰ বালিয়ে পুতি পেলোৱাত এক প্ৰকাৰ দিশহাৰা হৈ পৰিছে কৃষক ৰাইজ। পুনৰ সপোন বোৰ ঘূৰাই পোৱাৰ আশাত এনেদৰে বালিতে কঠিয়া ৰোপণ কৰিছে কৃষকে। পাগলাদিয়া নৈৰ বলিয়া বানে সকলো নিঃশেষ কৰি পেলোৱা পিছত কৃষক ৰাইজে বাহৰ জঙং কৰি ৰোপণ কৰিছে কঠিয়া।গাঁওখনৰ প্ৰতিঘৰ পৰিয়ালৰ ব্যাপক ক্ষতি হোৱাৰ উপৰিও ঘৰৰ চোতালেৰে নদীৰ তীব্ৰ সোঁত বৈ যোৱাৰ ফলত বালিৰে পুতি পেলাইছে ঘৰ - বাৰী আৰু গাঁওখনৰ কৃষিজীৱি জনতাৰ দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰা সোণোৱালী সপোনৰ পথাৰখন ৷