ETV Bharat / state

Puthimari River erosion: বেটাগাঁৱত চপৰা-চপৰে খহিছে বৰনদীৰ গৰা

author img

By

Published : Jun 22, 2022, 8:06 PM IST

তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বেটাগাঁৱত পুঠিমাৰী নৈত ব্যাপক গৰাখহনীয়া (Puthimari River erosion at Tamulpur)। আতংকিত নৈ পৰীয়া জনসাধাৰণ । কাণষাৰ নাই স্থানীয় প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

Puthimari River erosion at Tamulpur
বেটাগাঁৱত চপৰা-চপৰে খহিছে বৰনদীৰ গৰা

তামুলপুৰ, 22 জুন : ৰাজ্যত এফালে বান আৰু আনফালে গৰাখহনীয়াৰ তাণ্ডৱ (Flood and river erosion in Assam) ৷ প্ৰকৃতিৰ ৰোষত এতিয়া অসমৰ ভিন্ন ক্ষেত্ৰ ৷ বানৰ পিছত আন এক দুৰ্যোগ নামি আহিছে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বেটাগাঁৱত । যেন ভূঁতৰ ওপৰত দানহহে পৰিছে বেটাগাঁৱত ।

কিয়নো বেটাগাঁৱত চপৰা-চপৰে খহিছে বৰনদীৰ গৰা (River erosion at Tamulpur) । নিমিষতে নিঃশেষ হোৱাৰ দিশে সপোনৰ ঘৰখন । আতংকিত হৈ পৰিছে নৈ-পৰীয়া ৰাইজ ৷ ক’লৈ যাব, কি খাব ? সকলো এতিয়া নিৰুপায় ৷

বেটাগাঁৱত চপৰা-চপৰে খহিছে বৰনদীৰ গৰা

স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, কেৱল আজি বা কালিৰ এই কথা নহয় ৷

প্ৰত্যেক বছৰে পুঠিমাৰী নৈৰ ব্যাপক খহনীয়াই অতিষ্ঠ কৰি তোলে গাঁওবাসীক ৷ যাৰ বাবে প্ৰত্যেক বছৰেই নিজৰ ভেঁটি মাটি হেৰুৱাইছে অঞ্চলটোৰ কেবাটাও পৰিয়ালে (Cultivation destroy in erosion at Tamulpur) । এইবাৰো বানৰ পিছত নামি আহিছে প্ৰবল গৰাখহনীয়া । এই লৈ কাণষাৰ নাই স্থানীয় প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ অঞ্চলবাসীৰ ৷

উল্লেখ্য যে, পুঠিমাৰী নৈৰ খহনীয়া ৰোধৰ বাবে 500 মিটাৰ দৈৰ্ঘ্য সামৰি পাৰ্কুপাইন বহুওৱাৰ নামত বিগত বৰ্ষত জলসম্পদ বিভাগে ১ কোটি ৬ লাখ টকা ব্যয় কৰিছিল । তৎসত্বেও বিভাগটোৱে খহনীয়া ৰোধ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ অঞ্চলবাসীৰ । নৈপৰীয়া ৰাইজে উক্ত ধনেৰে জিঅ’ বেগ দিবলৈ অনুৰোধ কৰিছিল যদিও বিভাগে পাৰ্কুপাইন দিয়েই দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰে ।

আনহাতে, জনপ্ৰতিনিধিসকলে বানৰ সময়ত বিভিন্ন আশ্বাস প্ৰদান কৰে যদিও বান যোৱাৰ পিছত সেয়া পাহৰি যোৱা বুলি ক্ষোভ প্ৰকাশ কৰিলে অঞ্চলটোৰ ৰাইজে ।

লগতে ফঢ়ক : ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: চিন্তিত নৈপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.