ETV Bharat / state

বোৱাৰীয়েকৰ দাৰ ঘাপত নিহত শাহুৱেক, আঘাতপ্ৰাপ্ত শহুৰেক

সোমবাৰে বাক্সাৰ বৰমাত সংঘটিত হয় হত্যাকাণ্ডৰ ঘটনা ৷ বৰমাৰ মুৰমেলা গাঁৱৰ ৰুক্মিনী হালৈ নামৰ বোৱাৰীয়েকে বৃদ্ধ শাহুৱেক-শহুৰেকৰ ওপৰত দাৰে আক্ৰমণ চলাই হত্যা কৰে শাহুৱেকক, আঘাতপ্ৰাপ্ত হয় শহুৰেক ৷ এই অভিযোগ স্থানীয় মহিলাৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে বোৱাৰীয়েক ৰুক্মিনী হালৈক ৷

বাক্সাত বোৱাৰীয়েকৰ অত্যাচাৰৰ বলি শাহুৱেক-শহুৰেকৰ

author img

By

Published : May 19, 2020, 11:58 AM IST

বৰমা, 19 মে’: বাক্সাৰ বৰমাত সোমবাৰে সংঘটিত হয় এক নিৰ্মম অমানৱীয় কাণ্ড ৷ স্থানীয় মহিলাই জনোৱা মতে, বাক্সা জিলাৰ বৰমা আৰক্ষী থানৰ অন্তৰ্গত মুৰমেলা গাঁৱৰ ৰুক্মিনী হালৈ নামৰ এগৰাকী মহিলাই দীৰ্ঘদিন ধৰি বৃদ্ধ শাহুৱেক-শহুৰেকৰ ওপৰত চলাই আহিছিল শাৰিৰীক আৰু মানসিক নিৰ্যাতন ৷

বাক্সাত বোৱাৰীয়েকৰ অত্যাচাৰৰ বলি শাহুৱেক-শহুৰেকৰ

সোমবাৰে ঘৰুৱা কামক লৈ শাহু-বোৱাৰীৰ মাজত চলে তৰ্কাতৰ্কি ৷ তাৰ পিছতে বোৱাৰীয়েক ৰুক্মিনী হালৈয়ে বৃদ্ধা শাহুৱেকক দাৰে বুকুত আক্ৰমণ কৰাত থিতাতে নিহত হয় শাহুৱেক কুঞ্জলতা হালৈ ৷ আনহাতে, বাধা দিবলৈ যোৱা শহুৰেক প্ৰণৱ হালৈও আক্ৰমণৰ বলি হয় বোৱাৰীয়েকৰ ৷

উক্ত ঘটনাস্থলীত গাঁওখনৰ পুৰুষ-মহিলা উপস্থিত হৈ বোৱাৰীয়েকে দীৰ্ঘদিনৰ পৰা শাহুৱেক -শহুৰেকৰ ওপৰত নিৰ্যাতন চলাই অহা বুলি অভিযোগ উত্থাপন কৰে ৷ তেওঁলোকে ঘটনাৰ উচিত তদন্ত কৰি বোৱাৰীয়েকৰ ওপৰত উচিত শাস্তি প্ৰদানৰ দাবী কৰে ৷ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত বৰমা আৰক্ষী উপস্থিত হৈ বোৱাৰীয়েকক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক: এহেজাৰ টকীয়া কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.