বাক্সা, 16 আগষ্টঃ বিগত বৰ্ষত বানত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলা, চলিকাণ্ডা, চাপাতল আদিত পাগলদিয়া নদীৰ গৰাহখহনীয়াই অঞ্চলটোৰ স্থানীয় মছজিদৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰীৰো বিস্তৰ ক্ষতিসাধন কৰিছিল ৷ বানৰ পাছত প্ৰথমবাৰৰ বাবে শুক্ৰবাৰে পুৱাৰেই পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ পৰিস্থিতিৰ বুজ লয় । আনহাতে আবেলি ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাৰ বিনয়াপুৰৰ গণেশ চকত এখন ৰাজহুৱা সভাৰ আয়োজন কৰে । সভাতে এন আৰ চি ,ডি ভোটাৰ , মাটি ম্যাদি পাট্টাৰ আদি বিভিন্ন বিষয় সম্পৰ্কত সাংসদ গৰাকীয়ে উদাত্ত ভাষণ আগবঢ়াই । সাংসদ গৰাকীয়ে এন আৰ চি আৰু ডি ভোটাৰ সমস্যাত ভূগি থকা বিটিএডিবাসীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত এক আবেদন জনাব বুলি মন্তব্য কৰে ৷
বাক্সাৰ তামুলপুৰ মহকুমা পৰিদৰ্শন সাংসদ নৱ কুমাৰ শৰণীয়াৰ
বান, গৰাখহনীয়া আৰু ডি ভোটাৰৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে সাংসদ নৱ শৰণীয়াৰ তামুলপুৰ মহকুমা পৰিদৰ্শন ৷ বানত ক্ষতিগ্ৰস্ত কেইবাখনো গাওঁ পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ৷
বাক্সা, 16 আগষ্টঃ বিগত বৰ্ষত বানত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলা, চলিকাণ্ডা, চাপাতল আদিত পাগলদিয়া নদীৰ গৰাহখহনীয়াই অঞ্চলটোৰ স্থানীয় মছজিদৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰীৰো বিস্তৰ ক্ষতিসাধন কৰিছিল ৷ বানৰ পাছত প্ৰথমবাৰৰ বাবে শুক্ৰবাৰে পুৱাৰেই পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ পৰিস্থিতিৰ বুজ লয় । আনহাতে আবেলি ভাৰত-ভূটান সীমান্তৰ কুমাৰীকাটাৰ বিনয়াপুৰৰ গণেশ চকত এখন ৰাজহুৱা সভাৰ আয়োজন কৰে । সভাতে এন আৰ চি ,ডি ভোটাৰ , মাটি ম্যাদি পাট্টাৰ আদি বিভিন্ন বিষয় সম্পৰ্কত সাংসদ গৰাকীয়ে উদাত্ত ভাষণ আগবঢ়াই । সাংসদ গৰাকীয়ে এন আৰ চি আৰু ডি ভোটাৰ সমস্যাত ভূগি থকা বিটিএডিবাসীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত এক আবেদন জনাব বুলি মন্তব্য কৰে ৷
Body:বিগত বৰ্ষত বানপানীৰ সময়চোৱাত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৰবিলা, চলিকাণ্ডা, চাপাতল আদিত পাগলদীয়া নদীৰ গৰাহখহনীয়াই অঞ্চলটোৰ মজ্জিদৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ বাৰী খহনীয়াত জাহ গৈছিল । সেয়ে শুক্ৰবাৰে পুৱাৰে পৰা
৫ নং কোকৰাঝাৰ সমষ্টিৰ লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ পৰিস্থিতিৰ বুজ লয় ।
আনহাতে আবেলি ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ বৃহত্তৰ আঙাৰকাটা অঞ্চলৰ বিনয়াপুৰৰ গনেশ চকত এখন ৰাজুহুৱা সভাৰ আয়োজন কৰে । সভাতে এন আৰ চি ,ডি ভোটাৰ , মাটি ম্যাদি পাট্টাৰ আদি বিষয় সম্পৰ্কে সাংসদ গৰাকীয়ে ভাষণ আগবঢ়াই । সাংসদ গৰাকীয়ে এন আৰ চি আৰু ডি ভোটাৰ সমস্যাত ভূগি থকা বিটিএডি বাসীৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত এক আবেদন জনাব আৰু লগতে সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচি পৰিষদ দখল কৰিলে বড়ো অবড়ো লোক সকলক এক্যবদ্ধ কৰিব পাৰিব বুলি সাংবাদিকৰ আগত কয় । Conclusion:উক্ত ৰাজুহুৱা সভাতে প্ৰাক্তন বিপিএফৰ সাংগঠনিক সম্পাদক মনোজ কুমাৰ ৰাভা লগতে প্ৰায় ৯০ গৰাকী বি পি এফৰ সদস্যই অবড়ো দলত যোগদান কৰে ।
ভাষ্য :
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।