ETV Bharat / state

বগাহাতীত পৰিণত বড়ডাঙ্গেকুছি উপস্বাস্থ্য কেন্দ্ৰ

হাবি জংঘলেৰে ভৰি পৰিছে উপস্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ

বগাহাতীত পৰিণত বড়ডাঙ্গেকুছি উপস্বাস্থ্য কেন্দ্ৰ
author img

By

Published : Mar 5, 2019, 11:52 PM IST

বাক্সা, ৫ মাৰ্চ : পৰিৱৰ্তনৰ বতাহ বলাই শাসনৰ গাদীত অধিষ্ঠিত হোৱা বিজেপি চৰকাৰৰ দিনত বগাহাতীত পৰিণত হৈছে বড়ডাঙ্গেকুছি উপস্বাস্থ্য কেন্দ্ৰ । হাবি জংঘলেৰে ভৰি পৰিছে উপস্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ । ৩০ বছৰৰ পূৰ্বে কৃষক ৰাইজৰ অৰ্থে চৰকাৰে নিৰ্মাণ কৰা উপ স্বাস্থ্য কেন্দ্ৰটোত নাই এগৰাকীও চিকিত্সক । প্ৰতি বুধবাৰে এগৰাকী নাৰ্চে আহি নিজৰ কৰ্তব্য পালন কৰি যায় যদিও তাক লৈ সন্তুষ্ট নহয় গাঁওৱাসী । বড়ডাঙ্গেকুছি উপস্বাস্থ্য কেন্দ্ৰটো নকৈ সজাই তোলাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

Intro:বাক্সাৰ সীমান্তবৰ্তী কামৰূপ জিলাৰ বড়ডাঙ্গেকুছি স্বাস্থ্য উপ কেন্দ্ৰটো বগাহাতীত পৰিণত ।

Body:অসম গণ পৰিষদ আৰু কংগ্ৰেছৰ চৰকাৰ গল এতিয়া বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কেওফালে পৰিৱৰ্তনৰ বতাহ বলি আছে । এই দৃশ্য বাক্সা জিলাৰ সীমান্তবৰ্তী কামৰূপ জিলাৰ বিহদীয়া স্বাস্থ্য খণ্ডৰ অন্তৰ্গত বড়ডাঙ্গেকুছি স্বাস্থ্য উপ কেন্দ্ৰৰ । পিছে ৩০ বছৰৰ আগতে এখন চৰকাৰে কৃষক ৰাইজলৈ বুলি দিলে স্বাস্থ্য কেন্দ্ৰটো কিন্তু ডাক্তৰ দিবলৈ হে পাহৰিলে। এতিয়া স্বাস্থ্য কেন্দ্ৰটোৰ ডাক্তৰৰ আৰু নাৰ্চৰ বাবে বনোৱা আবাস গৃহ সমূহত হাবি জংগলে ভৰি পৰিছে । উল্লেখ্য যে স্থানীয় লোকৰ ভাষ্য অনুসৰি স্বাস্থ্য কেন্দ্ৰটো প্ৰতি বুধবাৰে এগৰাকী নাৰ্চে আহি নিজৰ কৰ্তব্য পালন কৰি যায় ।

Conclusion:বৰ্তমানৰ বিজেপি চৰকাৰ খনে আকৌ এবাৰ পৰিৱৰ্তনৰ শ্লো গান লৈ মোদী চৰকাৰক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাবলৈ বিছাৰিছে । এতিয়া বড়ডাঙ্গেকুছি স্বাস্থ্য উপ কেন্দ্ৰটো আকৌ এবাৰ নতুন ৰূপত সজাই কৃষক ৰাইজৰ বাবে ডাক্তৰ দিয়াৰ ব্যৱস্থা কৰে নে নাই সেইয়া আগন্তুক সময়তহে দেখিবলৈ পোৱা যাব ।

ভাষ্য : ১/২/ স্থানীয় লোক

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.