ETV Bharat / sports

Cricket World Cup 2023 : ৰবীন্দ্ৰ জাদেজাৰ ভগ্নী নয়নাবাৰ দুটা শুভেচ্ছা !

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:56 PM IST

চলিত ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তাৰকা ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই নিজৰ স্পীনৰ যাদু প্ৰদৰ্শন কৰাৰ এদিন পিছতে সোমবাৰে ইটিভি ভাৰতে তেওঁৰ জ্যেষ্ঠ ভগ্নী নয়নাবা জাডেজাৰ সৈতে কথা পাতি পৰিয়ালটোৰ আশা আৰু ইচ্ছাৰ বিষয়ে জানিব বিচাৰে ।

Cricket World Cup 2023
অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা
ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ জ্যেষ্ঠ ভগ্নীৰ সৈতে সাক্ষাৎকাৰ

স্পৰ্টছ ডেস্ক, 9 অক্টোবৰ : দেওবাৰৰ বিশ্বকাপৰ প্ৰথমখন খেলত ভাৰতে ১৯৯ ৰাণত অষ্ট্ৰেলিয়াক অল আউট কৰাৰ সময়ত ষ্টাৰ অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাই এক উজ্জ্বল স্পেল কৰে ৷ জাডেজাই টাৰ্নিং পিটচৰ সম্পূৰ্ণ ব্যৱহাৰ কৰি অষ্ট্ৰেলিয়াৰ তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি ভাৰতৰ পক্ষত বিজয় স্থাপন কৰিছিল ৷

এই বিশ্বকাপৰ বাবে তাৰকা খেলুৱৈগৰাকীৰ পৰিয়ালৰ আশা আৰু মনৰ ভাৱ জানিবলৈ সোমবাৰে ইটিভি ভাৰতে ৰবীন্দ্ৰ জাডেজাৰ জ্যেষ্ঠ ভগ্নী নয়নাবা জাডেজাৰ সৈতে বাৰ্তালাপ কৰে ৷ ক্ৰিকেটক আগ্ৰহেৰে অনুসৰণ কৰা নয়ানাবাই কয় যে দেওবাৰৰ খেলখনৰ সময়ত তেওঁৰ ভাতৃয়ে ভাল প্ৰদৰ্শন কৰিব বুলি ইতিমধ্যে ভৱিষ্যদ্বাণী কৰিছিল ৷ আন লাখ লাখ ভাৰতীয়ৰ দৰেই ভাৰতেও এই আকাংক্ষিত ট্ৰফী লাভ কৰিব বুলি আশা কৰিছে তেওঁ ৷

"ভাৰতীয় দলটোৱে বিজয়েৰে বিশ্বকাপ অভিযানৰ আৰম্ভণি কৰিছে আৰু মই আশা কৰিছো যে তেওঁলোকেই ২০২৩ চনৰ বিশ্বকাপ জয় কৰিব ৷ দেওবাৰৰ মেচখনত প্ৰথম অৱস্থাত মই অনুভৱ কৰিছিলো যে ভাৰতৰ বাবে জয়ী হোৱাটো কঠিন হ’ব ৷ কিন্তু দলটোৱে শেষলৈকে দৃঢ়প্ৰতিজ্ঞ আছিল আৰু অৱশেষত মেচখন জয়ী হয় ।" ৰাজকোটত এক এক্সক্লুছিভ সাক্ষাৎকাৰত ইটিভি ভাৰতক এইদৰে কয় ৰবীন্দ্ৰ জাডেজাৰ ভগ্নীয়ে ৷

"দেওবাৰৰ মেচখন যথেষ্ট আকৰ্ষণীয় আছিল আৰু ৰবীন্দ্ৰই তিনিটা উইকেট দখল কৰি ভাল প্ৰদৰ্শন আগবঢ়াইছিল ৷ তেওঁৰ প্ৰদৰ্শনত আমি আপ্লুত হৈছো ৷ আগন্তুক মেচতো তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন চাবলৈ আমি আগ্ৰহী ৷ মেচৰ সময়ত খেলুৱৈজনৰ পৰিয়ালৰ সদস্যৰ আৱেগ জড়িত হৈ থাকে খেলুৱৈগৰাকীৰ বাবে ৷ কিন্তু আমি এইটোও জানো যে লাখ লাখ অনুৰাগীয়ে খেলুৱৈজনৰ বাবে প্ৰাৰ্থনা কৰিছে ।" ৰবীন্দ্ৰ জাডেজাৰ ভগ্নীয়ে কয় ৷

ভাতৃয়ে খেলা দেখি কেনে অনুভৱ কৰে সেই সন্দৰ্ভত নয়নাবাই কয়, "পৰিয়াল হিচাবে আমিও কিছু চাপ অনুভৱ কৰো যেতিয়াই তেওঁ খেলে ৷ মই তেওঁৰ ষ্টেটাছ ভৱিষ্যদ্বাণী কৰো, যেনে তেওঁ কিমান উইকেট ল'ব বা কিমান ৰাণ কৰিব । উদাহৰণস্বৰূপে দেওবাৰে স্পীনাৰৰ বাবে পিটচ কিছু ভাল আছিল আৰু মই ভাবিছিলো যে তেওঁ সেই পিটচত কমেও ৩-৪ উইকেট ল'ব আৰু শেষত তেওঁ সেইটোৱেই কৰিলে ৷ বিশেষকৈ ষ্টিভেন স্মিথৰ উইকেটটো যথেষ্ট গুৰুত্বপূৰ্ণ আছিল ৷ লগতে মেচখনৰ প্ৰেক্ষাপটত খেলৰ টাৰ্নিং পইণ্টো আছিল ।"

বহু চৰ্চিত ভাৰত-পাকিস্তানৰ খেলখনৰ সন্দৰ্ভত নয়ানাবা জাডেজাই কয়, "এইবাৰ ভাৰতীয় ক্ৰিকেট দলটো বেলেগ ৰূপত দেখা গৈছে ৷ মই দৃঢ়ভাৱে অনুভৱ কৰোঁ যে ভাৰতে এই প্ৰতিযোগিতাখন জিকিব কিয়নো ভাৰতীয় ক্ৰিকেট দলক উৎসাহিত কৰিবলৈ বহুতো ক্ৰিকেট উৎসাহী নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ আহিব ।"

লগতে নয়ানাবায়ে কয় যে নৱৰাত্ৰি উৎসৱ আৰু বিশ্বকাপ দুয়োটাই একে সময়তে হৈছে ৷ কিন্তু আমাৰ বাবে নৱৰাত্ৰিৰ এক বিশেষ গুৰুত্ব আছে । "আমি বহু বছৰ ধৰি দেৱীৰ আৰাধনা কৰি আহিছো । দেৱীয়ে মোক মই তেওঁক প্ৰাৰ্থনা কৰাৰ দুগুণ দিয়ে । দেৱী মাতাৰ প্ৰতি মোৰ প্ৰাৰ্থনা মোৰ ভাতৃৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে আৰু এই বিশ্বকাপ ২০২৩ত ভাৰতৰ বিজয়ৰ বাবে ৷" তেওঁ কয় ৷

লগতে পঢ়ক : Cricket World Cup 2023: ভাৰতীয় দলৰ প্ৰদৰ্শনত সন্তুষ্ট অধিনায়ক ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.