নিউজ ডেস্ক, 26 মাৰ্চ: ভাৰতীয় বক্সিং তাৰকা বিজেন্দৰ সিঙৰ বহু প্ৰতিক্ষীত ইউ এছ প্ৰ'ত আত্মপ্ৰকাশত চেঁচা পানী পৰিল ৷ এপ্ৰিলৰ 12 তাৰিখে প্ৰথমখন খেলৰ জৰিয়তে পেশাদাৰী বক্সিঙৰ কেৰিয়াৰ আৰম্ভ কৰিবলগা বক্সাৰজনে লছ এঞ্জেলছত সোমবাৰে অনুশীলন চলাই থাকোতে আঘাতপ্ৰাপ্ত হয় ৷ বক্সিং জগতত ভাৰতৰ হৈ অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপ পদক লাভ কৰা প্ৰথম খেলুৱৈ বিজেন্দৰ ৷

33 বৰ্ষীয় খেলুৱৈজনে টুইটাৰৰ জৰিয়তে জনায় যে, তেওঁৰ অনুৰাগী সকলৰ বাবে এক বেয়া খবৰ আছে যে অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে 12 এপ্ৰিলৰ যুঁজত তেওঁ অৱতীৰ্ণ হ'ব নোৱাৰিব ৷ জীৱন যুঁজত কাঁইটীয়া পথেৰে আগবাঢ়ি যাব লাগিব আৰু এই ক্ষেত্ৰত কেতিয়াও হাৰ নামানো বুলি টুইটাৰত লিখে তাৰকা খেলুৱৈজনে ৷