ETV Bharat / sports

ISSF বিশ্বকাপত সোণৰ পদক দুই ভাৰতীয়ৰ - sarnobat

জাৰ্মানীত অনুষ্ঠিত হোৱা ISSF বিশ্বকাপত উজলিল দুই ভাৰতীয় ৷

ISSF বিশ্বকাপত সোণৰ পদক দুই ভাৰতীয়ৰ
author img

By

Published : May 28, 2019, 5:59 AM IST

Updated : May 28, 2019, 9:36 AM IST

স্পৰ্টছ ডেস্ক, 28 মে’: জাৰ্মানীত চলি থকা আই এছ এছ এফ বিশ্বকাপত ভাৰতৰ বাবে সোণৰ পদক আঁজুৰি আনিলে দুই ভাৰতীয় শ্বুটাৰ খেলুৱৈয়ে ৷ সোমবাৰে মহিলাৰ 25 মিটাৰ পিষ্টল ইভেন্টত 37 টা সঠিক শ্বুটেৰে সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয় চৰন’বতে ৷ ইয়াৰ লগতে অলিম্পিকৰ বাবে স্থান সুনিশ্চিত কৰে খেলুৱৈগৰাকীয়ে ৷ অৰ্জুন বঁটা বিজয়ী খেলুৱৈগৰাকীয়ে ইয়াৰ পূৰ্বে 2013 চনৰ চাংৱাং বিশ্বকাপ আৰু জাৰ্কাটাত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ মহিলা এই শাখাত দ্বিতীয় স্থানত থাকে ইউক্ৰেইনৰ অ’লেনা কষ্টেবিক আৰু তৃতীয় স্থান দখল কৰে বুলগেৰিয়াৰ এণ্টিনীতা বোনেৱাই ৷

etv bharat
ISSF বিশ্বকাপত সোণৰ পদক দুই ভাৰতীয়ৰ

ইপিনে পুৰুষৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেন্টত 246.3 পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰে সৌৰভ চৌধুৰীয়ে ৷ ইয়াৰ পূৰ্বে অপূৰ্বী চান্দেলাইয়ো 10 মিটাৰ এয়াৰ ৰাইফল ইভেন্টত লাভ কৰিছিল সোণৰ পদক ৷ ভাৰতে বৰ্তমান মুঠ তিনিটা স্বৰ্ণ পদকেৰে পদক তালিকাৰ শীৰ্ষত উপনীত আছে ৷

Intro:Body:

issf-world-cup-sarnobat-and-saurabh-won-gold-medal

Conclusion:
Last Updated : May 28, 2019, 9:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.