স্পৰ্টছ ডেস্ক, 25জুনঃ আই চি চি বিশ্বকাপৰ 31 সংখ্যক মেচত আজি ৰণভূমিত নামিব বাংলাদেশ আৰু আফগানিস্তান ৷ ভাৰতীয় সময় অনুসৰি এই মেচখন অনুষ্ঠিত হ’ব বিয়লি 3 বজাত ৷ বাংলাদেশৰ দৃষ্টি ভংগীৰে ছেমিফাইনেলত স্থান অধিক সুদৃঢ় কৰাৰ বাবে এইখন মেচ হ’ব অতিকৈ গুৰুত্বপূৰ্ণ ৷ টুৰ্ণামেণ্টখনত বৰ্তমানলৈকে বাংলাদেশ দলটোৱে 6 খন মেচৰ 2 খনত জয় আৰু 3 খনত পৰাজয় কৰাৰ বিপৰীতে 1 খন মেচ বাতিলেৰে 1 পইণ্ট লাভ কৰি মুঠ 5 পইণ্টেৰে ষষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে আফগানিস্তান দলটোৰ বাবে টুৰ্ণামেণ্টখনত হেৰুৱাবলগীয়া একো নাই ৷ কাৰণ ইতিমধ্যে ছেমিফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে দলটো ৷

দুয়োটা দলে ইয়াৰ পূৰ্বে বিশ্বকাপত এবাৰৰ বাবে মুখামুখি হৈছে ৷ য’ত বাংলাদেশে বিজয় সাব্যস্ত লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে এদিনীয়া ক্ৰিকেটত 7 বাৰৰ বাবে যুঁজত নামিছে দুয়োটা দল ৷ য’ত বাংলাদেশে 4 বাৰ আৰু আফগানিস্তানে 3 বাৰ জয় লাভ কৰিছে ৷ গতিকে আজিৰ মেচখনত অলৰাউণ্ডাৰ ছাকিব আল হাছানৰ ওপৰত দৃষ্টি থাকিব বাংলাদেশ ক্ৰীড়াপ্ৰেমীৰ ৷