ETV Bharat / sports

টীম ইণ্ডিয়াৰ বাবে ডিব্ৰুগড়ৰ মছজিদত বিশেষ দোৱা

টীম ইণ্ডিয়াৰ বাবে ডিব্ৰুগড়ৰ লালুকা অঞ্চলৰ মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আয়োজন কৰিলে সমূহীয়া দোৱাৰ ৷ দোৱাত পাকিস্তানৰ বিৰোধিতা কৰাৰ উপৰি বিৰাট কোহলি, ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়াৰ লগতে দলৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিবলৈ আল্লাক কাকুতি - মিনতি জনালে উপস্থিত সকলোৱে ৷

টীম ইণ্ডিয়াৰ বাবে মচজিদত বিশেষ দোৱা
author img

By

Published : Jun 16, 2019, 2:00 PM IST

ডিব্ৰুগড়, 16 জুন : ডিব্ৰুগড়ৰ লালুকা অঞ্চলৰ মছজিদত মুছলিম ধৰ্মাৱলম্বী লোকসকলে আয়োজন কৰিছে এক বিশেষ দোৱাৰ ৷ কিন্তু এইবাৰ বিশ্ব শান্তিৰ বাবে নহয়, এইবাৰ দোৱা কৰা হ'ল পাকিস্তানৰ বিৰুদ্ধে দেওবাৰৰ বিশ্বকাপত ভাৰতে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱাৰ বাবেহে ৷ পাকিস্তানৰ বিৰোধিতা কৰাৰ উপৰি বিৰাট কোহলী, ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়াৰ লগতে দলৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিবলৈ প্ৰাৰ্থনা কৰা হয় ৷

টীম ইণ্ডিয়াৰ বাবে মচজিদত বিশেষ দোৱা

পাকিস্তানক পুনৰ পৰাস্ত কৰাৰ উপৰি তৃতীয়বাৰৰ বাবে বিশ্বকাপ খিতাপ ভাৰতে দখল কৰিবলৈও দোৱা জনায় মুছলমান লোকসকলে ৷ জাতি - ধৰ্ম নিৰ্বিশেষে এনেদৰেই ব্যতিক্ৰমী দোৱা জনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে তেওঁলোকে ৷

Intro: ডিব্ৰুগড়ৰ মচজিদত বিশেষ দোৱা।দোৱাত বিৰাত কহলি,ৰহিত শৰ্মা ,হাৰ্ডক পাণ্ডীয়া ধোনীৰ হৈ আল্লাহৰ ওচৰত কাকুতি মিনতি।কিন্তু কিয়?

Body:হঠাত মচজিদত প্ৰাৰ্থনা(দোৱা)।এইবাৰ দোৱা কিন্তু বিশ্ব শান্তিৰ বাবে নহয়।দোৱাত
পাকিস্তানৰ বিৰোধীতা।আল্লাহক কাকুতি-মিনতি ভাল খেলক ক'হলি,ৰহিত শৰ্মা, হাৰ্ডিক পাণ্ডীয়াই।হয়, চিৰ বৈৰী ভাৰত পাকিস্তানৰ মাজৰ মেচখনৰ বাবে এই সমূহীয়া দোৱা দেখা গ'ল ডিব্ৰুগড়ৰ লালুকা অঞ্চলৰ মচজিদত।আজিৰ মেচত যি কোনো কাৰণৰ বিনিময়ত মুঠতে হাৰি পাকিস্তানক পুনৰ এহেকা দিয়ক ভাৰতে। লগতে ভাৰতে জয় কৰি আনক বিশ্বকাপ তৃতীয়বাৰলৈ।

Conclusion:এই ব্যতিক্ৰমী দোৱাৱে ভাৰতীয় মূলৰ লোকৰ ঐক্য সম্প্ৰীতিৰ পুনৰ দিলে পৰিচয়।ধৰ্ম ভাষা জাতি সম্প্ৰদায়ৰ পৃথক হলেও ভাৰতীয় সদায় ভাৰতীয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.