স্পৰ্টছ ডেস্ক, 30 নৱেম্বৰঃ অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথে শনিবাৰে ক্ৰিকেটৰ সবাতোকৈ দীঘল ফৰমেট টেষ্টত 73 বছৰ পুৰণি এক অভিলেখ ভংগ কৰে ৷ ইয়াৰ পিছতেই টেষ্ট মেচত 7,000 ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটছমেন হিচাপে পৰিগণিত হয় ষ্টিভ স্মিথ ৷ পাকিস্তানৰ বিৰুদ্ধে এডিলাইড অ'ভেল টেষ্টত অনুষ্ঠিত গুলপীয়া বলৰ মেচখনত দ্বিতীয় দিনা এই সাফল্য অৰ্জন কৰে খেলুৱৈগৰাকীয়ে ৷
স্মিথে 126 সংখ্যক ইনিংছত 7,000 ৰাণ সংগ্ৰহ কৰাৰ পাচতে ইংলেণ্ডৰ ৱালী হেম্মন্দে 131 ইনিংছত গঢ়া এই অভিলেখ ভংগ কৰে ৷ 73 বছৰ ধৰি হেম্মন্দে এই অভিলেখৰ অধিকাৰী হৈ আছিল ৷
উল্লেখ্য যে, দ্বিতীয় দিনা 30 বৰ্ষীয় খেলুৱৈগৰাকীয়ে খেলিবলৈ আৰম্ভ কৰি 23 ৰাণ সংগ্ৰহ কৰাৰ পাচতে এই অভিলেখৰ অধিকাৰী হয় ৷ ইয়াৰ লগতে তেওঁ ড'নাল্ড ব্ৰেডমেনে অষ্ট্ৰেলিয়াৰ হৈ গঢ়া 6,996 ৰানৰ অভিলেখো অতিক্ৰম কৰে ৷
ভাৰতৰ বেটছমেন বীৰেন্দ্ৰ ছেহৱাগ আৰু শচীন তেণ্ডুলকাৰে ক্ৰমে 134 আৰু 136 সংখ্যক ইনিংছত এই সাফল্য লাভ কৰিছিল ৷ আনহাতে, ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ ছাৰ গাৰফিল্ড ছ'বাৰ্ছে 138 সংখ্যক ইনিংছ আৰু ভাৰতৰ সুনীল গাভাস্কাৰে 140 সংখ্যক ইনিংছত এই সফলতা লাভ কৰিছিল ৷
আৰু পঢ়কঃ কেব সম্পৰ্কত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰে অমিত শ্বাহৰ বৈঠক