স্পৰ্টছ ডেস্ক, 8 ফেব্ৰুৱাৰী : পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ নাছিৰ জামছেদে পাকিস্তান প্ৰীমিয়াৰ লীগত (PSL) সতীৰ্থ খেলুৱৈক উৎকোচ প্ৰদানৰ অভিসন্ধি কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাচতে 17 মাহৰ কাৰাদণ্ড লাভ কৰিছে ৷ ব্ৰিটিছ নাগৰিক য়ুছুফ আনৱাৰ আৰু মহম্মদ ইজাজৰ সৈতে 33 বৰ্ষীয় খেলুৱৈগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ডুবাইত অনুষ্ঠিত PSL, 2018ৰ ইছলামাবাদ ইউনাইটেড আৰু পেশ্বাৱৰ জালমিৰ মাজৰ মেচত খেলুৱৈক বেয়া প্ৰদৰ্শন কৰিবলৈ উদ্বুদ্ধ কৰা বুলি নাছিৰে জামছেদে অস্বীকাৰ কৰিছিল ৷
কিন্তু যোৱা বছৰৰ ডিচেম্বৰত মানচেষ্টাৰৰ এখন আদালতে তেওঁৰ লগতে আনৱাৰ আৰু ইজাজক দোষী সাব্যস্ত কৰে ৷ ইয়াৰ পাচতে আনৱাৰ আৰু মহম্মদে নিজৰ দোষ স্বীকাৰ কৰে ৷
পাকিস্তান ক্ৰিকেট ব'ৰ্ডে 2018 চনৰ আগষ্ট মাহত দহ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও অৱশেষত 17 মাহলৈ সীমিত কৰি দিয়া হয় ৷ আনহাতে, আনৱাৰক 40 মাহ আৰু ইজাজক 30 মাহৰ কাৰাদণ্ড বিহা হয় ৷ কাৰাদণ্ড বিহাৰ পাচতে জামছেদৰ পত্নী ছামাৰা আফজলে এক বিবৃতি প্ৰকাশ কৰে আৰু কয় যে, তেওঁৰ স্বামীৰ এই কাণ্ডৰ ফলত সমগ্ৰ পৰিয়ালে বহু দূৰ্ভোগ ভূগিব লগা হৈছে ৷
উল্লেখ্য যে, জামছেদে পাকিস্তানৰ হৈ দুখন টেষ্ট, 48 খন এদিনীয়া আৰু 18 খন টি-20 মেচত অংশগ্ৰহণ কৰিছিল ৷
আৰু পঢ়ক : মহিলা ত্ৰিদেশীয় টি-20 শৃংখলা : 7 উইকেটত অষ্ট্ৰেলিয়াক পৰাস্ত ভাৰতৰ