ETV Bharat / sports

বলত থুঁ আৰু ঘামৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ এমএছকে প্ৰসাদৰ

author img

By

Published : May 17, 2020, 12:24 PM IST

COVID-১৯ ৰ মহামাৰীৰ বাবেই বিশ্বজুৰি স্তব্ধ হৈছে ক্ৰিকেটৰ সকলো কাৰ্য-কলাপ । কিন্তু ইয়াৰ মাজতেই ক্ৰিকেটত সঘনাই বলত খেলুৱৈৰ দ্বাৰা ব্যৱহাৰ কৰা চালাইভা বা থুঁ প্ৰসংগই এতিয়া বাৰুকৈ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ পেট কামিন্সে কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই প্ৰসংগ দাঙি ধৰিছিল ।

COVID-১৯ ৰ মহামাৰী
বলত থুঁ আৰু ঘামৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ এমএছকে প্ৰসাদৰ

স্পৰ্টছ ডেস্ক, ১৭ মে': ক্ৰিকেটৰ মেচত বলাৰৰ দ্বাৰা বা ফিল্ডিং কৰা খেলুৱৈৰ দ্বাৰা বলত থুঁ লগোৱা কাৰ্য নতুন কথা নহয় । প্ৰায়ে দেখা পোৱা যায় খেলুৱৈক বলত থুঁ লগাই মোহাৰি থকা । কিন্তু, শেহতীয়াকৈ ক্ৰিকেটৰ পটভূমিত এই প্ৰসংগই বাৰুকৈ চিন্তাত পেলাইছে ক্ৰিকেট বিশেষজ্ঞ, খেলুৱৈৰ লগতে বহু অনুৰাগীক ।

ক্ৰিকেটত বলিং কৰা দলে ফিল্ডিং কৰি থকাৰ সময়ত বলৰ ছুইং লাভ কৰাৰ বাবে বলৰ এটা কোণত সঘনাই থুঁ, ঘাম দি ঘঁহি থকা দৃশ্য সকলোৰে পৰিচিত । কিন্তু বৰ্তমান এই প্ৰক্ৰিয়াই শংকা নমাই আনিছে ভাইৰাছ সংক্ৰমণৰ । যাৰ বাবে শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেটৰ মুখ্য় নিৰ্বাচক মণ্ডলী বিষয়া এম.এছ.কে. প্ৰসাদে এই প্ৰক্ৰিয়াত নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছে আইচিচিক ।

এই সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট দলৰ সদস্য শ্ৰেয়াছ আয়াৰেও মন্তব্য প্ৰকাশ কৰি কৈছিল যে, ক্ৰিকেটৰ নিয়ম প্ৰৱৰ্তন কৰা লোকসকলে ইয়াৰ ওপৰত এক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে । অৱশ্যে বলাৰৰ বাবে এই প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰে আয়াৰে । যাৰ বাবে বলাৰ বাবে এক উচিত চুক্তিৰ কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।

আনহাতে অষ্ট্ৰেলিয়াৰ খেলুৱৈ পেট কামিন্সেও কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে হোৱা এক বাৰ্তালাপত এই প্ৰসংগত মত প্ৰকাশ কৰি কৈছিল, "যদি থুঁ আৰু ঘাম কৰ'ণা ভাইৰাছ সংক্ৰমণৰ কাৰক হৈ পৰে তেন্তে প্ৰথম স্থানতেই আৰম্ভ নহ'ব ক্ৰিকেট । এগৰাকী বলাৰৰ দৃষ্টিভংগীৰে বল ছুইং কৰাটো সঁচাকৈ গুৰুত্বপূৰ্ণ । খেলত বলটোক ভাল কৰি ৰখাটো অতিকৈ জৰুৰী । যদি এনে নহয়, তেন্তে খেলাৰ কোনো যুক্তিযুক্ততা নাই ৷"

বৰ্তমান সময়ত COVID-১৯ ৰ বাবে বন্ধ হৈ পৰিছে বিশ্বজগতৰ সকলো ক্ৰীড়া কাৰ্য-কলাপ । সমান্তৰালকৈ স্তব্ধ হৈ আছে বিশ্ব ক্ৰিকেট ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.