নিউজ ডেস্ক, ১০ এপ্ৰিলঃ বিশ্বত বৰ্তমানো ত্ৰাসৰ কাৰণ হৈ আছে মহামাৰী কৰ'ণা ভাইৰাছ তথা COVID-১৯ । ইয়াৰ প্ৰভাৱ ক্ৰীড়াজগততো দেখিবলৈ পোৱা গৈছে । ইতিমধ্যে বাতিল কৰা হৈছে টকিঅ' অলিম্পিক, উইম্বলডনৰ দৰে প্ৰতিযোগিতা । আনহাতে ভাৰততো আইপিএলৰ অনুষ্ঠিত কৰাকলৈ অনিশ্চয়তাই দেখা দিছে ।
বিচিচিআইয়ে যোৱা ২৯ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ প্ৰথম অৱস্থাত ১৫ এপ্ৰিললৈ স্থগিত কৰিছে । কিন্তু বৰ্তমানো পৰিস্থিতি জটিল হৈ আছে । যাৰ বাবে এই সন্দৰ্ভত আইপিএলৰ প্ৰাক্তন চেয়াৰমেন ৰাজীৱ শুক্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, আইপিএলক লৈ প্ৰস্তুতি দেখা পোৱা যোৱা নাই । আমাৰ প্ৰথম প্ৰাথমিকতা হ'ব কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজা আৰু লোকসকলৰ প্ৰাণ ৰক্ষা কৰা । এইটো চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব । মই চৰকাৰৰ সিদ্ধান্তৰ সৈতে থাকিম ।
ইয়াৰ উপৰিও তেওঁ কয়, লক্ ডাউনৰ সময়-সীমা বৃদ্ধি কৰাৰ কথাও শুনিবলৈ পোৱা গৈছে । গতিকে এনে পৰিস্থিতিত আপুনি কল্পনা কৰিব পাৰিব আইপিএল ১৫ এপ্ৰিলৰ ওচৰে পাজৰে অনুষ্ঠিত হ'ব । তেন্তে সেয়া সম্ভৱ নহয় ।
আনহাতে বিদেশী খেলুৱৈৰ সন্দৰ্ভতো প্ৰশ্নৰ উত্তৰত কয়, বৰ্তমান বিদেশী যাত্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । শেহতীয়া পৰিস্থিতি অনুসৰি আইপিএলত বিদেশী খেলুৱৈ অংশগ্ৰহণ কৰাটো অসম্ভৱ ।