ETV Bharat / sports

Ashes 2023 2nd Test : শক্তিশালী স্থিতিত অষ্ট্ৰেলিয়া, শৃংখলাৰ প্ৰথমটো জয়ৰ অপেক্ষাত ইংলেণ্ড - England need 257 runs to win

এছেজ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়া দলটো শক্তিশালী স্থিতিত আছে । অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত দ্বিতীয় টেষ্টৰ অন্তিম দিনৰ খেল অনুষ্ঠিত হ'ব । ইংলেণ্ডক জয়ী হ'বলৈ ২৫৭ ৰাণৰ প্ৰয়োজন আৰু অষ্ট্ৰেলিয়াক দ্বিতীয়টো জয়ৰ বাবে ৬ টা উইকেটৰ প্ৰয়োজন ।

Ashes 2023 2nd Test
শক্তিশালী স্থিতিত অষ্ট্ৰেলিয়া
author img

By

Published : Jul 2, 2023, 12:10 PM IST

স্পৰ্টছ ডেস্ক,২ জুলাই : অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত চলি আছে ঐতিহাসিক এছেজ টেষ্ট শৃংখলা । প্ৰথমখন টেষ্টত আধিপত্য দেখুওৱাৰ পাছত দ্বিতীয় টেষ্টখনো নিজৰ দখললৈ নিয়াৰ প্ৰয়াস চলিছে অষ্ট্ৰেলিয়াৰ । এছেজ শৃংখলাৰ দ্বিতীয় টেষ্টৰ আজি পঞ্চম অৰ্থাৎ অন্তিম দিন । এই টেষ্টখনৰ নিৰ্ণায়ক মুহূৰ্তৰ বাবে দেওবাৰে লৰ্ডছত মুখামুখি হ'ব দুয়োটা দল ।

ইতিমধ্যে ৰোমাঞ্চকৰ হৈ পৰা দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা অষ্ট্ৰেলিয়াৰ বলাৰসকলে সুন্দৰ প্ৰদৰ্শন কৰিছে । যাৰ ফলত, কেংগেৰুসকলে ইংলেণ্ড দলটোক অসুবিধাত পেলাইছে । অৱশ্যে শৃংখলাটোত দলটোৰ স্থিতি স্পষ্ট কৰিবলৈ ইংলেণ্ডক ২৫৭ ৰাণৰ প্ৰয়োজন ।

১ জুলাই অৰ্থাৎ শনিবাৰে লৰ্ডছত অনুষ্ঠিত দ্বিতীয় এছেজ টেষ্টৰ চতুৰ্থ দিনৰ খেলৰ শেষত অষ্ট্ৰেলিয়াই ৩৭১ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছত, কেংগেৰু বাহিনীয়ে শক্তিশালী বলিং প্ৰদৰ্শন দেখুৱাই আৰু ইংলেণ্ডক ১১৪ ৰাণতে বান্ধি ৰাখে । ইংলেণ্ডৰ হৈ বেন ডাকেটে ৫০ ৰাণ কৰি নট আউট হৈ আছে আৰু অধিনায়ক বেন ষ্টোকছে ২৯ ৰাণ সংগ্ৰহ কৰি নট আউট হৈ আছে । ৪৫ ৰাণতে চতুৰ্থ উইকেট হেৰুৱাই যদিও দুয়োগৰাকী বেটছমেনৰ মাজত পঞ্চম উইকেটত ৬৯ ৰাণৰ পাৰ্টনাৰ্শ্বিপ হয় । ডাকেট আৰু বেন ষ্টোকছে কিছু দৃঢ় বেটিং আৰু অৰ্ধ-শতকৰ পাৰ্টনাৰ্শ্বিপৰ দ্বাৰা ভাল প্ৰদৰ্শন দেখুৱাইছে । ইংলেণ্ডৰ ভাগ্য এতিয়া এই দুগৰাকী খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিব ।

ইফালে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্কে টেষ্ট ক্ৰিকেটত মিচেল জনছনক অতিক্ৰম কৰে আৰু টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হৈ পৰে । মাত্ৰ ৭৯ খন খেলত তেওঁ ৩১৫ টা উইকেট দখল কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াই ২ টা উইকেটত জয়ী হৈছিল । যাৰ বাবে ইংলেণ্ড দলটোৰো লক্ষ্য হৈছে চলি থকা দ্বিতীয়খন টেষ্ট নিজৰ দখললৈ অনা । আনহাতে ৫ খন টেষ্টৰ শৃংখলাৰ তৃতীয়খন টেষ্ট ৬ জুলাইৰ পৰা আৰম্ভ হ'ব ।

লগতে পঢ়ক :ICC ODI WC 2023 : বিশ্বকাপৰ পূৰ্বে ভাৰতলৈ আহিব পাকিস্তানৰ নিৰাপত্তা প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.