নিউজ ডেস্ক, ৬ মাৰ্চ: ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে ৫১ কিলো ওজন শাখাৰ আটাইকেইখন মেচেই অপৰাজিতভাৱে সমাপ্ত কৰে । জাৰ্মানীৰ বাৰ্লিনত অনুশীলনৰ বাবে ভ্ৰমণৰত বক্সিং চেম্পিয়ন গৰাকীয়ে ।
উল্লেখ্য যে, যোৱা বছৰৰ নৱেম্বৰত মেৰী কমে বিশ্ব চেম্পিয়নশ্বিপৰ ষষ্ঠ খিতাপ অৰ্জন কৰে । ইয়াৰ পাছতে খেলুৱৈগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে অলিম্পিক পদক জয়ৰ লক্ষেৰে ৪৮ কিলো ওজন শাখাৰ পৰা ৫১ কিলো শাখালৈ সলনি কৰিছে ।