চিটাৰা ডেস্ক,28 জুলাইঃ দৰ্শকে যথেষ্ট পচন্দ কৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন আৰু চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ যুটি ৷ দীপিকা পাডুকনে বলীউডত ভৰি থৈছিল ঔম শান্তি ঔমৰ জৰিয়তে ৷ এই ছবিখনত দীপিকাই অভিনয় কৰিছিল শ্বাহৰুখ খানৰ সৈতে ৷ তেতিয়াৰ পৰাই শ্বাহৰুখ আৰু দীপিকাৰ যুটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিলে দৰ্শকৰ মাজত ৷ দুয়োগৰাকী তাৰকাই ইয়াৰ পিছত একেলগে অভিনয় কৰিছিল চেন্নাই চুপাৰ এক্সপ্ৰেছত ৷ শেষবাৰৰ বাবে দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল হেপি নিউ ইয়েৰ ছবিখনত ৷
- " class="align-text-top noRightClick twitterSection" data="
">
শেহতীয়াকৈ অহা খবৰ মতে তেওঁলোকক পুনৰ একেলগে দেখিবলৈ পোৱা যাব সিদ্ধান্ত আনন্দৰ আগন্তুক ছবিত ৷ লগতে এই খবৰো আহি পৰিছে যে,এই ছবিত তেওঁলোকৰ সৈতে অভিনয় কৰিব দক্ষিণ জনপ্ৰিয় অভিনেতা প্ৰভাসে ৷ এই সকলোখিনি কথাই নিজেই ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷
অৱশ্যে বৰ্তমানলৈকে ছবিখনৰ টাইটেল নিৰ্ধাৰণ হোৱা নাই ৷ এই ছবিখন বিশ্ব যুদ্ধৰ ওপৰত আধাৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷ লগতে জানিব পৰা মতে,এই ছবিখনৰ শ্বুটিং আৰম্ভ হ'ব 2021 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ৷
লগতে পঢ়কঃ যুৱ প্ৰতিভাক উদগনি জনালে অমিতাভ বচ্চনে