ETV Bharat / sitara

Tejasswi won Bigboss15: তেজস্বী প্ৰকাশে অৰ্জন কৰিলে বিগবছ 15 ৰ খিতাপ - বিগবছ 15 ৰ বিজয়ী তেজস্বী প্ৰকাশ

দেওবাৰে ঘোষণা হ’ল বিগবছ 15 ৰ বিজেতাৰ নাম ৷ টেলিভিছন তাৰকা তেজস্বী প্ৰকাশে আঁজুৰি আনিলে বিগবছ 15 ৰ বিজয়ী খিতাপ (Tejasswi won Bigboss15) ৷ প্ৰতীক সহজপাল প্ৰথম ৰানাৰ-আপ আৰু কৰণ কুন্দ্ৰা দ্বিতীয় ৰানাৰ-আপ হিচাপে ঘোষিত হ’ল ৷

Bigg Boss 15 winner Tejasswi
তেজস্বী প্ৰকাশে অৰ্জন কৰিলে বিগবছ 15 ৰ খিতাপ
author img

By

Published : Jan 31, 2022, 11:31 AM IST

চিটাৰা ডেস্ক, 31 জানুৱাৰী: অৱশেষত, 16 সপ্তাহৰ উত্তেজনাময় যাত্ৰা এটাৰ অন্ত পৰিল দেওবাৰে ৷ ছলমান খানে হোষ্ট কৰা ৰিয়েলিটী শ্ব’ বিগবছ এ লাভ কৰিলে শ্ব’টোৰ 15 নং ছিজনৰ বিজয়ী প্ৰতিযোগী গৰাকী ৷

ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী অভিনেত্ৰী তেজস্বী প্ৰকাশে পৰিধান কৰিলে বিগবছ 15 ৰ বিজয়ী মুকুট (Tejasswi won Bigboss15) ৷ 40 লাখ টকীয়া চেকৰ সৈতে বিগবছৰ ট্ৰফী লৈ ঘৰমুৱা হ’ল তেজস্বী প্ৰকাশ ৷ কেইবামাহো জোৰা শ্ব’টোত অন্য প্ৰতিযোগী সকলৰ সৈতে বিভিন্ন টাস্কত সাহসিকতাৰে ফেৰ মাৰি অৱশেষত বিজয়ৰ হাঁহি মাৰিলে তেজস্বীয়ে ৷

Bigg Boss 15 winner Tejasswi
তেজস্বী প্ৰকাশে অৰ্জন কৰিলে বিগবছ 15 ৰ খিতাপ

টপ থ্ৰিত কৰণ কুন্দ্ৰা আৰু প্ৰতীক সহজপালৰ সৈতে প্ৰতিদ্বন্দীতা আগবঢ়াই এই বাজি মাৰিলে অভিনেত্ৰী গৰাকীয়ে ৷ শ্ব’টোত জিকাৰ পিছত তেজস্বীয়ে লাভ কৰিছে ‘নাগিন 6’ ত অভিনয়ৰ বাবে প্ৰস্তাৱ ৷

গ্ৰেণ্ড ফিনালেৰ নিশা টপ টুত প্ৰতীক আৰু তেজস্বীৰ মাজত প্ৰতিযোগিতাখনিক লৈ যথেষ্ট উৎকণ্ঠাময় পৰিৱেশ এটাৰ সৃষ্টি হয় ৷ সকলোৱে প্ৰতীক বিজয়ী হ’ব বুলি ভাবিছিল, আনকি সামাজিক মাধ্যমতো প্ৰতীকক লৈ চৰ্চা চলি আছিল ৷ কিন্তু শেষত বাজি মাৰিলে তেজস্বীয়ে (Bigg Boss 15 winner Tejasswi prakash) ৷

Bigg Boss 15 winner Tejasswi
হাতত ট্ৰফী লৈ পিতৃ-মাতৃৰ সৈতে তেজস্বী

বিজয়ী ঘোষণাৰ পিছতেই তেজস্বীয়ে হাতত ট্ৰফী লৈ পিতৃ-মাতৃৰ সৈতে তুলিলে ফটো ৷ ক’লা ৰঙী এটা ষ্টাইলিছ ড্ৰেছ পৰিধান কৰা তেজস্বীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ বিগবছ 15 ৰ পূৰ্বে তেজস্বীয়ে কলৰ্ছ চেনেলৰ ‘স্বৰাগিনী’ নামেৰে এখন ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷ তাৰ পিছত তেওঁ ‘খতৰো কে খিলাড়ী চিজন 10’ ত অংশ লৈছিল ৷ এতিয়া ‘নাগিন 6’ অফাৰ লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷

ইফালে, দৰ্শকক কৌতূহলত ৰাখি বিগবছৰ 15 নং চিজন সামৰিলে ছলমান খানে ৷ তেওঁ হোষ্ট কৰিলেও বা নকৰিলেও 16 নং চিজনলৈ বাট চাই ৰ’ব অভিনেতা জনে, এই মন্তব্য দি শ্ব’ সামৰিলে ছলমানে ৷

লগতে পঢ়ক: Arha Welcomes Allu Arjun: কন্যা আৰ্হাৰ মৰমৰ আৱেশত আল্লু অৰ্জুন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.