চিটাৰা ডেস্ক,15 জানুৱাৰীঃ শেহতীয়াকৈ সংগীতশিল্পী আৰমান মালিকে মুকলি কৰে তেওঁৰ এটা বিশেষ গীত ৷ 2020 বৰ্ষৰ তেওঁৰ প্ৰথমটো গীত হিচাপে মুকলি কৰে " জানে না দুংগা কহী " শীৰ্ষক গীতটো ৷
'জানে না দুংগা কহী' নামৰ গীতটোৰ জৰিয়তে এটা বন্ধুত্বৰ সম্বন্ধ কেনেকৈ মৰমলৈ ঢাল খাই সেই ঘটনাকে প্ৰতিফলিত কৰে ৷ এই গীতটো প্ৰকৃততে " নেভাৰ কিছ উইৰ বেষ্টফ্ৰেণ্ড " নামৰ এটা ৱেব চিৰিজৰ শীৰ্ষ গীত হিচাপে গাইছে কন্ঠশিল্পীগৰাকীয়ে ৷ আৰমান মালিকৰ মতে, তেওঁ নিজেই এই গানটো গাই যথেষ্ট আমোদ অনুভৱ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
" নেভাৰ কিছ উইৰ বেষ্টফ্ৰেণ্ড " নামৰ ৱেব চিৰিজখনৰ এই শীৰ্ষ গীতটো ৰচনা কৰিছে যশ নাৰভেকাৰে ৷ আৰমান মালিকৰ নতুন বৰ্ষৰ এই বিশেষ গীতটোত শীৰ্ষ চৰিত্ৰত অভিনয় কৰিছে নকুল মেহতা আৰু অন্যা সিঙে৷ ইতিমধ্য এই গীতটোৱে যথেষ্ট সমাদৰ লাভ কৰিছে দৰ্শকৰ মাজত ৷
লগতে পঢ়কঃনিজৰ যৌৱন সন্দৰ্ভত কি ক'লে অভিনেতা চেইফ আলি খানে ?