চিটাৰা ডেস্ক, 28 ডিচেম্বৰ : সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে সংগীতকাৰ এ.আৰ. ৰহমানৰ মাতৃ কৰিমা বেগমে ৷ সংগীতকাৰ গৰাকীৰ আত্মীয়ই জানিবলৈ দিছে এই কথা ৷ ৰহমানে টুইটাৰযোগে মাতৃৰ এখন ছবি শ্বেয়াৰ কৰিছে ৷ সংগীতকাৰ গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী কে.পালানীস্বামী আৰু ডি.এম.কেৰ সভাপতি এম.কে ষ্টেলিনে ৷
কে.পালানীস্বামীয়ে টুইটাৰযোগে কয়, ‘শাৰীৰিক অসুস্থাতাৰ ফলত সংগীতকাৰ এ.আৰ. ৰহমানৰ মাতৃ কৰীমা বেগমৰ বিয়োগৰ বিষয়ে জানিবলৈ পাই অতি দুঃখিত ৷’
- — A.R.Rahman (@arrahman) December 28, 2020 " class="align-text-top noRightClick twitterSection" data="
— A.R.Rahman (@arrahman) December 28, 2020
">— A.R.Rahman (@arrahman) December 28, 2020
ইয়াৰ উপৰিও সংগীত পৰিচালক থমাম, দেৱী শ্ৰী প্ৰসাদৰ লগতে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তিয়ে সংগীতকাৰ গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক-ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰতিষ্ঠাপক ধীৰুভাই আম্বানিৰ ৮৮ সংখ্যক জন্মদিন পালন