ETV Bharat / jagte-raho

ধুবুৰীত গভাইত চোৰ আটক; আৰক্ষীৰ অনুসন্ধান অব্যাহত - ধুবুৰী

ধুবুৰীৰ গৌৰীপুৰত গভাইত চোৰ আটক ৷ ৰাইজে আটক কৰি উত্তম মধ্যম সোধাই গতালে আৰক্ষীক ৷ ধৃতচোৰদ্বয় ক্ৰমে সাহাবুদ্দিন সেখ আৰু ছামচুল হক বুলি জনা গৈছে৷ চাইকেল, মোবাইল, টকাপইচা আদি বিভিন্ন বস্তু চোৰ কৰি ৰাইজক হাৰাশাস্তি ভোগাই অহা চোৰ কেইটা দেওবাৰে ৰাইজৰ ৰোষত পৰে ৷

ধুবুৰীত গভাইত চোৰ আটক
author img

By

Published : Oct 6, 2019, 7:38 PM IST

ধুবুৰী,6অক্টোবৰঃ ধুবুৰীৰ গৌৰীপুৰত 2 গভাইত চোৰ আটক৷ দীৰ্ঘদিন ধৰি গৌৰীপুৰ থানাৰ অন্তৰ্গত আশাৰীকান্দি, ঝালোৰ আলগা, দলসিংহেৰ আলগা, বাঘমাৰা আদি অঞ্চলত এটা চোৰৰ দলে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰি কাৰ্য চলাই ৰাইজৰ নিদ্ৰা হৰণ কৰা এই চোৰৰ দলটো অৱশেষত দেওবাৰে ৰাইজৰ ৰোষত পৰে ৷ শনিবাৰে নিশা দুজনকৈ লোকৰ ঘৰৰ পৰা 2 খন চাইকেল আৰু এটা মাছমৰা জাল চুৰি কৰাৰ পিছত দেওবাৰে ৰাইজে অনুসন্ধান চলাই ঝালোৰ আলগা বজাৰত চোৰ এটাক আটক কৰি উত্তম-মাধ্যম সোধাই ৷ ইপিনে সাহাবুদ্দিন সেখ নামৰ চোৰটোৱে লগত আন প্ৰায় ৫ জনকৈ গভাইত চোৰ জড়িত থকা বুলি জানিব দিয়ে ৷ ৰাইজে মৰেল পুলিচৰ দৰে মাৰপিট কৰি অৱশেষত চোৰটোক গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে ৷ ইফালে গৌৰীপুৰ আৰক্ষীয়ে ধৃত চোৰ সাহাবুদ্দিন সেখৰ দ্বাৰা আন এটা গভাইত চোৰ ছামচুল হকক টেলিফোন কৰি অনুসন্ধানলৈ আটক কৰিবলৈ সক্ষম হয় ৷

ধুবুৰীত গভাইত চোৰ আটক

আনহাতে ঘটনাৰ লগত জড়িত আন কেইবাটাও চোৰ ইতিমধ্যে পলায়ন কৰা বুলি জনা গৈছে৷ আৰক্ষীয়ে চোৰ কেইটাৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ।

আৰু পঢ়কঃ হায়দৰাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনাঃ নিহত দুই বৈমানিক

Intro:ধুবুৰীৰ গৌৰীপুৰত গভাইত চোৰ আটক৷ ৰাইজে আটক কৰি উত্তম মধ্যম সোধাই গতালে আৰক্ষীক৷ ধৃতচোৰ সাহাবুদ্দিন সেখ আৰু ছামচুল হক বুলি জনা গৈছে৷
Body:ধুবুৰীৰ গৌৰীপুৰত দূই গভাই চোৰ আটক৷ দীৰ্ঘদিন ধৰি গৌৰীপুৰ থানাৰ অৰ্ন্তগত আশাৰীকান্দি,ঝালোৰ আলগা,দলসিংহেৰ আলগা,বাঘমাৰা আদি অত্ৰঞ্চলটোতে এটা চোৰৰ দলে সন্ত্ৰাস সৃষ্টি কৰি আহিছে৷লোকৰ ঘৰে ঘৰে চুৰি কাৰ্য চলাই নিদ্ৰা হৰণ কৰিছে এই চোৰৰ দলটোয়ে৷ চাইকেল, মোবাইল, টকাপইচা আদি বিভিন্ন বস্তু চোৰ কৰি ৰাইজক হাৰাশাস্তি ভোগাই অহা চোৰ কেইটা আজি ৰাইজৰ ৰোষত পৰে৷যোৱা নিশা দূটালোকৰ ঘৰৰ পৰা দূটা চাইকেল আৰু এটা মাছমৰা জাল চুৰি কৰাৰ পিছত আজি ৰাইজে অনুসন্ধান চলাই ঝালোৰ আলগা বজাৰতে চোৰ এটাক আটক কৰি উত্তমমাধ্যম সোধাই৷ পিছে সাহাবুদ্দিন সেখ নামৰ এই চোৰটোয়ে লগত আন প্ৰায় ৫জনকৈ গভাইত চোৰ জড়িত থকা বুলি জানিব দিয়ে৷ পিছে ৰাইজে এইদৰে মৰেল পুলিচৰ দৰে মাৰপিট কৰি চোৰটোক গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে৷ ইপিনে গৌৰীপুৰ আৰক্ষীয়ে ধৃতচোৰ সাহাবুদ্দিন সেখৰ দ্বাৰা আন এটা গভাইত চোৰ ছামচুল হকক টেলিফোন কৰি অনুসন্ধানলৈ আটক কৰিবলৈ সক্ষম হয়৷ গভাইতচোৰ ছামচুল হকে অঞ্চলটোতে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই থকাৰ অভিযোগ পোৱা গৈছে৷

Conclusion: উল্লেখযোগ্য যে, সম্প্ৰতি ঘটনাৰ লগত জড়িত আন কেইবাটাও চোৰ পলায়ন কৰা বুলি জনা গৈছে৷ আৰক্ষীয়ে চোৰ কেইটাৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে৷ যদিওঁ আটক কৰিবলৈ সক্ষম হোৱা নাই।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.