ETV Bharat / jagte-raho

ডিমৌ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভুৱন চেতিয়াৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ - ডিমৌ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভুৱন চেতিয়াৰ পুত্ৰৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱত মৃতদেহ উদ্ধাৰ । পথাৰৰ পুখুৰীত উদ্ধাৰ হয় কাকতি গাঁৱৰ ত্ৰিনয়ণ চেতিয়াৰ মৃতদেহ ।

শিৱসাগৰৰ বেতবাৰীত মৃতদেহ উদ্ধাৰ
শিৱসাগৰৰ বেতবাৰীত মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 27, 2020, 9:41 PM IST

শিৱসাগৰ, 27 জুলাই : শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱত সোমবাৰে উদ্ধাৰ হয় এটা মৃতদেহ । পথাৰৰ পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো কাকতি গাঁৱৰ ত্ৰিনয়ণ চেতিয়া নামৰ এজন যুৱকৰ বুলি চিনাক্ত হয় ।

পুখুৰীত উদ্ধাৰ আৰক্ষী বিষয়াৰ পুত্ৰৰ মৃতদেহ

ডিমৌ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভুৱন চেতিয়াৰ তৃতীয় পুত্ৰ আছিল ত্ৰিনয়ণ । বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছিল যুৱকজন । সোমবাৰে পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ হয় যুৱকজনৰ মৃতদেহটো । ৰাইজে আৰক্ষীক খবৰ দিয়াত মৃতদেহ পাৰলৈ অনাৰ পাছত চিনাক্ত হয় ত্ৰিনয়ণ চেতিয়া বুলি । মৃত্যুৰ কাৰণ আত্মহত্যা বুলি ধাৰণা কৰা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে প্ৰকৃত মৃত্যুৰ কাৰণ জানিব পৰা হ'ব বুলি আৰক্ষীয়ে জানিব দিছে ।

লগতে পঢ়ক : বানাক্ৰান্তক সহায়ৰ বাবে এনডিআৰএফৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.