তিনিচুকীয়া ,7 জুলাই : অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ 1 নং মহং গাঁৱত নৱ বিবাহিত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ । নিজ ঘৰতে উদ্ধাৰ হয় পুনেশ্বৰ মৰাণৰ বোৱাৰী তথা মধু মৰাণৰ নৱ-বিবাহিতা পত্নী প্ৰিয়ংকা চেতিয়া (মনি) নামৰ বোৱাৰী গৰাকীৰ অগ্নিদগ্ধ মৃতদেহ ।
আনহাতে প্ৰিয়ংকাৰ পৰিয়াল তথা স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি প্ৰিয়ংকা চেতিয়া নামৰ বোৱাৰী গৰাকীক ড্ৰাগছ আসক্ত নিজ স্বামী মধু মৰাণ আৰু শাহু দিবন মৰাণে মিলি গাত কেৰাচিন ঢালি জ্বলাই দিছে । অভিযোগ অনুসৰি বহু দিনৰ পৰা শাহু আৰু বোৱাৰী মাজত কাজিয়া চলি থকাৰ লগতে স্বামী মধু মৰাণে ড্ৰাগছ সেৱন কৰি নিজ পত্নীৰ ওপৰত নিতৌ নিৰ্যাতন চলাইছিল । সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে বৰডুমচা অঞ্চল । ইতিমধ্যে অভিযুক্ত স্বামী আৰু শাহুৱেকক আৰক্ষীয়ে আটক কৰিছে । স্থানীয় ৰাইজে বৰডুমচা আৰক্ষী থানা ঘেৰাও কৰি দোষীক ৰাইজৰ মাজলৈ উলিয়াই দিবলৈ দাবী জনাইছে ।