ETV Bharat / jagte-raho

চাপৰত মহিলাৰ পৰা চিলনী চোৰে লুটিলে ২ লক্ষাধিক টকা

চাপৰত এগৰাকী মহিলাৰ পৰা চোৰে লুটি নিলে ২ লক্ষাধিক টকা ৷ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে ভুক্তভোগী মহিলা গৰাকীয়ে ৷

A_BLP_EAST_07DEC_801/806_ MONEY_LOOTED_VIS_AS_C10022
চাপৰত মহিলাৰ পৰা চিলনী চোৰে লুটিলে ২ লক্ষাধিক টকা
author img

By

Published : Dec 7, 2020, 6:09 PM IST

পূৱ বিলাসীপাৰা, 6 ডিচেম্বৰঃ ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত চিলনী চোৰৰ তাণ্ডৱ । এগৰাকী মহিলাৰ পৰা চিলনী চোৰে থপিয়াই লুটি নিলে ২ লক্ষাধিক টকা ৷

পূৱ বিলাসীপাৰাৰ চাপৰত অব্যাহত আছে চিলনী চোৰৰ তাণ্ডৱ । জামিৰন নেছা নামৰ মহিলা গৰাকীৰ পৰা দিন-দুপৰতে চিলনী চোৰে থপিয়াই লৈ গ'ল দুই লক্ষাধিক টকা । চাপৰৰ গান্ধী ময়দানস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন পালছাৰ বাইকৰে অহা দুজন অচিনাক্ত দুৰ্বৃত্তই মহিলাগৰাকীৰ পৰা বলপূৰ্বকভাৱে টকাৰ বেগটো থপিয়াই লৈ যায় ।

চাপৰত মহিলাৰ পৰা চিলনী চোৰে লুটিলে ২ লক্ষাধিক টকা

মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ গোট খাই যদিও চিলনী চোৰ কেইটা পলাই যাবলৈ সক্ষম হয় । সোমবাৰে চাপৰৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা মহিলা গৰাকীয়ে ১ লাখ টকা উলিওৱাৰ লগতে ঘৰৰ পৰা ১ লাখ টকা লৈ ঘৰ নিৰ্মাণৰ সা-সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল । তেনে সময়তে উক্ত ঘটনাটো সংঘটিত হয় ৷

ইফালে এই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ চিলনী চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক-শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.