গুৱাহাটী, 24 জুন : টিকটবিহীনভাৱে যাত্ৰা, তাৰ উপৰি ৰে'লৰ পৰা জপিয়াই আত্মগোপনৰ চেষ্টা চলোৱাৰ অপৰাধত ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰে 6 শ্ৰমিকক ৷ বুধবাৰে নাৰেংগী ৰে'ল ষ্টেচনৰ ওচৰত স্থানীয় লোকৰ সহায়ত ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰে ডিমাপুৰৰ পৰা অহা 6গৰাকী শ্ৰমিকক ৷
ডিমাপুৰৰ পৰা দিল্লী অভিমুখী 05955 নং নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলত ধুবুৰীলৈ বুলি যাবলৈ আহিছিল কৰায়ত্ত হোৱা শ্ৰমিক কেইজন ৷ দৰাচলতে টিকটবিহীনভাৱে যাত্ৰা কৰাৰ ভয়তে তেওঁলোকে বিপদজ্জনকভাৱে নাৰেংগী ৰে'ল ষ্টেচনৰ সমীপত চলন্ত ৰে'লৰ পৰা জপিয়াই দিয়ে ৷ স্থানীয় কেইগৰাকীমান সচেতন যুৱকে এই দৃশ্য প্ৰত্যক্ষ কৰি শ্ৰমিক কেইজনক কৰায়ত্ত কৰি ৰে'ল আৰক্ষীক চমজাই দিয়ে ৷
ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰা শ্ৰমিককেইজন ধুবুৰীৰ গোলকগঞ্জৰ নুৰ ৰছিদূল ইছলাম, শ্বহীদুল ইছলাম শেখ, অফিউল শেখ, শ্বহিদুল শেষ, ইউনিছ আলী আৰু মইনুল হক বুলি জানিব পৰা গৈছে ৷
ধৃত শ্ৰমিক কেইজনে কাম কৰিবলৈ মঙলবাৰে ৰে'লযোগে ধুবুৰীৰ পৰা ডিমাপুৰলৈ গৈছিল । ডিমাপুৰত উপস্থিত হোৱাৰ পিছত স্থানীয় প্ৰশাসনে শ্ৰমিককেইজনক নামনিমুৱা ব্ৰহ্মপুত্ৰ ৰেলত উঠাই অসম অভিমুখে পঠিয়াই দিয়ে । গুৱাহাটীৰ নাৰেংগী ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে শ্ৰমিক কেইজনে ৰে'লৰ পৰা জঁপিয়াই পলাই যোৱাৰ চেষ্টা চলায় । স্থানীয় ৰাইজে শ্ৰমিক কেইজনক আটক কৰি ৰে'ল আৰক্ষীক গতাই দিয়ে । ইতিমধ্যে ৰে'ল আৰক্ষীয়ে আটক কৰা শ্ৰমিক কেইজনক সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ প্ৰেৰণ কৰে ।
লগতে পঢ়কঃ বাক্সাৰ মুছলপুৰত যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ