টুৰ্কী, 30 মে’: তিনিবছৰৰ পাচত বুধবাৰে টুৰ্কীৰ কাৰাবাসৰ পৰা মুক্ত হ’ল নাছাৰ এগৰাকী বিজ্ঞানী ৷ সন্ত্ৰাসবাদৰ অভিযোগত সাতবছৰৰ কাৰাবাসৰ দণ্ডৰে দণ্ডিত হৈছিল বিজ্ঞানীগৰাকী ৷ আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু টুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টায়িপ আৰড’গানৰ মাজত হোৱা এক টেলিফোনিক বৰ্তালাপৰ পাচতেই কোনো আগতীয়া জাননী নিদিয়াকৈ মুকলি কৰে বিজ্ঞানীগৰাকীক ৷
2016 চনত টুৰ্কীস্থিত বাসগৃহলৈ আহোতেই আটক কৰা হৈছিল 39 বছৰীয়া টুৰ্কী মূলৰ আমেৰিকান নাগৰিক চাৰ্কেন গ’লগেক ৷