ETV Bharat / international

লালটি ভিত্তিক COVID-19 স্ক্ৰীনিং টেষ্ট উদ্ভাৱন ফ্ৰান্সৰ কোম্পানীৰ

author img

By

Published : May 28, 2020, 5:57 PM IST

টেষ্টৰ অংশ হিচাপে এজন স্বাস্থ্য বিশেষজ্ঞই এজন ৰোগীৰ জিভাৰ পৰা এক মিলিলিটাৰৰো কম লালটি সংগ্ৰহ কৰে ৷ ইয়াৰ পাচতে নমুনাখিনি 65 ডিগ্ৰী উষ্ণতাত দুটা টিউবত গৰম হ'বলৈ দিয়া হয় ৷ ইয়াৰ পাচতে colorimetric অধ্যয়নৰ জৰিয়তে ৰোগীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি সম্পৰ্কত পৰীক্ষণ চলাব পাৰে ৷

EasyCov
লালটি ভিত্তিক COVID-19 স্ক্ৰীনিং টেষ্ট উদ্ভাৱন ফ্ৰান্সৰ কোম্পানীৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 28 মে': ফ্ৰান্সৰ বাণিজ্য সংস্থাই সোমবাৰে EasyCov নামৰ লালটি ভিত্তিক এক COVID-19 ৰোগ নিৰ্ণয় কৰিব পৰা স্ক্ৰীনিং টেষ্ট উদ্ভাৱন কৰাৰ কথা ঘোষণা কৰিছে ৷ এঘন্টাৰ ভিতৰত colorimetric অধ্যয়নৰ জৰিয়তে এই টেষ্ট সম্পন্ন কৰিব পৰা যাব ৷

টেষ্টৰ অংশ হিচাপে এজন স্বাস্থ্য বিশেষজ্ঞই এজন ৰোগীৰ জিভাৰ পৰা এক মিলিলিটাৰৰো কম লালটি সংগ্ৰহ কৰে ৷ ইয়াৰ পাচতে নমুনাখিনি 65 ডিগ্ৰী উষ্ণতাত দুটা টিউবত গৰম হ'বলৈ দিয়া হয় ৷ ইয়াৰ পাচতে colorimetric অধ্যয়নৰ জৰিয়তে ৰোগীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি সম্পৰ্কত পৰীক্ষণ চলাব পাৰে ৷

CNRS and Sys2Diag গৱেষণাগাৰৰ অধ্যক্ষ তথা গৱেষক ফ্ৰেঙ্ক মলিনাই কয়, "এক অভিলেখকাৰী সময়ৰ ব্যৱধানত EasyCov ৰ উদ্ভাৱন কৰাৰ লগতে ইয়াৰ ভালদৰে পৰীক্ষণ কৰা হৈছে ৷ COVID-19 ৰ বিৰুদ্ধে যুঁজত ই বহু সহায় আগবঢ়াব বুলি মই দৃঢ় বিশ্বাসী ৷"

উল্লেখ্য যে, এই বাণিজ্য সংস্থাৰ সৈতে জড়িত হৈ আছে ফ্ৰান্সৰ কোম্পানী যেনে SKILLCELL, CNRS SYS2DIAG গৱেষণাগাৰ আৰু VOGO ৷

SKILLCELL ৰ কাৰ্যবাহী সঞ্চালক আলেকজেন্দ্ৰা প্ৰিউক্সে কয় যে, EasyCov ত প্ৰয়োজনীয় সকলো অৱদান আছে ৷ ইয়াৰ জৰিয়তে ফ্ৰান্স আৰু ইউৰোপৰ বহু সহায় হ'ব ৷ ইয়াৰোপৰি, এই কোম্পানীসমূহে কৰ'ণা ভাইৰাছ সংকটৰ ডিজিটেল সমাধানো বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.