ইণ্টাৰনেচনেল ডেক্স,6 মাৰ্চঃ চলিত সপ্তাহৰ আৰম্ভণিতে এক শক্তিশালী ভূমিকম্পৰ পিছত শনিবাৰে নিউজিলেণ্ডত ৬.৩ প্ৰাবল্যৰ এক ভূমিকম্প ঘনীভূত হয় ৷ ভূমিকম্পটোৰ কম্পন মাজ নিশা অনূভূত হৈছিল ৷ যাৰ অভিকেন্দ্ৰটো গিচবৰ্ণ চহৰৰ পৰা ১৮১ কিল’মিটাৰ উত্তৰ-পূৱৰ ৯ কিল’মিটাৰ গভীৰতাত আছিল ৷ ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই ।
প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈ ছুনামি সতৰ্কতা ঘোষণা কৰা হোৱা নাই অঞ্চলটোত । উল্লেখযোগ্য যে যোৱা কেইদিনমানৰ ভিতৰত নিউজিলেণ্ডত কেইবাটাও শক্তিশালী ভূমিকম্পৰ খবৰ পোৱা গৈছে ৷ যাৰ ভিতৰত বৃহস্পতিবাৰে ৮.১ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্প আছিল ৷ কৰ্তৃপক্ষই উত্তৰ দ্বীপৰ উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক ছুনামিৰ সতৰ্কতা প্ৰদান কৰিছিল যদিও এতিয়ালৈ কোনো ডাঙৰ সাগৰীয় ঢৌৱে দ্বীপটোত আঘাত কৰা নাই ৷