বাংলাদেশ, ১৯ মে': সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছৰ সংহাৰী ৰূপৰ মাজতেই আন এটা প্ৰত্যাহ্বান আহি পৰিছে চাইক্ল'ন আম্ফান । মঙলবাৰে বাংলাদেশ চৰকাৰৰ দুৰ্যোগ ব্য়ৱস্থাপনা আৰু সাহাৰ্য সচিব শ্বাহ কামালে জনায় যে, ইতিমধ্যে বাংলাদেশৰ সাগৰীয় উপকূলীয় অঞ্চলৰ পৰা লোক সকলক নিৰাপদ স্থানলৈ নিয়াৰ কাম আৰম্ভ কৰা হৈছে ।
বাংলাদেশৰ বতৰ বিভাগৰ মতে, ঘূৰ্ণীবতাহ আম্ফান পশ্চিম বংগোপসাগৰৰ উপকূলৰ পৰা উত্তৰ দিশে অগ্ৰসৰ হৈছে । মঙলবাৰে দুপৰীয়া ৩ বজাত সমুদ্ৰীয় বন্দৰৰ পৰা প্ৰায় ৮০০-৯০০ কিলোমিটাৰ দূৰত অৱস্থিত আছে কোৱা হৈছে । মঙলবাৰে মাজ নিশা বা বুধবাৰে সন্ধিয়া বাংলাদেশৰ উপকূলীয় অঞ্চলত ইয়াৰ প্ৰভাৱ দেখা পোৱা আৰু ঘূৰ্ণীবতাহ বলাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছে । যাৰ বাবে ইতিমধ্যে ২ মিলিয়ন লোকক উপকূলীয় অঞ্চলৰ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ কাম আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে ।
খুলনা আৰু চট্ট'গ্ৰাম মধ্য়ৱৰ্তী বাংলাদেশ উপকূলত পথ কটাৰ পূৰ্বে আম্ফান উত্তৰ পূৱ দিশে অগ্ৰসৰ হ'ব বুলি অনুমান কৰা হৈছে । বহু কেইটা অঞ্চলত ইতিমধ্যে বিপদ ঘণ্টাৰ আগজাননী প্ৰেৰণ কৰা হৈছে ।
অঞ্চল সমূহত প্ৰায় ১৬০ কিলোমিটাৰ প্ৰতি ঘণ্টাত বতাহ বলাৰ লগতে তীব্ৰ বৰষুণৰ সৈতে সাগৰত সাধাৰণ ঢৌতকৈ ৪-৫ ফিট ঢৌৰে বানৰ আশংকা কৰি সতৰ্ক কৰা হৈছে । উত্তৰ বংগোপসাগৰ আৰু গভীৰ সমুদ্ৰৰ সকলো মাছ ধৰা নাও, ট্ৰলাৰ সমূহক শীঘ্ৰে আশ্ৰয় লোৱাৰ লগতে পৰৱৰ্তী সূচনা নহা পৰ্যন্ত তাতে ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে ।