নিউজ ডেস্ক , 06 মে': গাজা সন্ত্ৰাসবাদীলৈ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সকীয়নি ৷ টুইট যোগে ট্ৰাম্পে গাজা সন্ত্ৰাসবাদীক, দক্ষিণ ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিবলৈ বাধৈ প্ৰদান কৰে ৷ লগতে কয় যে " ইজৰাইলৰ বিৰুদ্ধে এনে সন্ত্ৰসবাদী কাণ্ডই তোমালোকলৈ সমস্যাৰ বাহিৰে একো নানে ৷"
ইয়াৰোপৰিও তেখেতে নিজৰ টুইটত উল্লেখ কৰে যে "যুক্তৰাষ্ট্ৰই ইজৰাইলৰ নাগৰিক সকলৰ সুৰক্ষাৰ বাবে 100 শতাংশ সমৰ্থন কৰিছে ৷ হিংসা সমাপ্ত কৰি শান্তিৰ দিশে আগবাঢ়া এয়া সম্ভৱ হয়" ৷ উল্লেখ্য যে গাজা সন্ত্ৰাসবাদীয়ে দেওবাৰে দক্ষিণ ইজৰাইললৈ 100ত কৈও অধিক ৰকেট নিক্ষেপ কৰে ৷ এই সন্ত্ৰাসবাদী কাণ্ডত 4 জন ইজৰাইলী নাগৰিকে প্ৰাণ হেৰুৱাইছিল ৷ ইপিনে এই আক্ৰমণৰ প্ৰত্যুত্তৰত দক্ষিণ ইজৰাইলে গাজাক কৰা আক্ৰমণত 2 টা শিশু আৰু গৰ্ভৱতী মহিলাৰ স'তে 23 জন লোকৰ মৃত্যু হয় ৷