নিউজ ডেস্ক, 23 জানুৱাৰী : কোভিড মহামাৰীয়ে জুৰুলা কৰা দেশসমূহৰ ভিতৰত বেছিকৈ ক্ষতিগ্ৰস্ত হৈছিল ব্ৰাজিল ৷ মহামাৰীৰ ফলত মৃত্যু হোৱা লোকক সমাধিস্থ কৰিবলৈ মাটিৰ অভাৱে দেখা দিছিল দেশখনত ৷ কিন্তু শেহতীয়াকৈ দেশখনলৈ ভাৰতে প্ৰদান কৰিছে থলুৱাভাৱে নিৰ্মিত প্ৰতিষেধক কোভিশ্বিল্ড ৷ ইয়াৰ পিচতেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টুইটযোগে ধন্যবাদ জ্ঞাপন কৰে দেশখনৰ ৰাষ্ট্ৰপতি জাইৰ’ বলছোনাৰ’ৱে ৷ শনিবাৰে ব্ৰাজিলে লাভ কৰে ভাৰতে প্ৰেৰণ কৰা কোভিশ্বিল্ড প্ৰতিষেধকৰ টীকাসমূহ ৷
মহামাৰীৰ ফলত মৃত্যু হোৱা লোকৰ তালিকাত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত থকা দক্ষিণ আমেৰিকাৰ দেশখনে এইদৰে ভাৰতৰ পৰা প্ৰতিষেধক লাভ কৰাক লৈ ভাৰতক ধন্যবাদ জ্ঞাপন কৰে ৷ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কৰা টুইটটোত তেওঁ মহাবীৰ হনুমানে সমগ্ৰ পাহাৰখনৰ সৈতে সঞ্জীৱনী সুধা কঢ়িয়াই অনা এখন ছবিও টুইট কৰে ৷ ছবিখনত লেটিন আৰু হিন্দী ভাষাত ধন্যবাদ ভাৰত বুলি লিখা আছিল ৷
-
The honour is ours, President @jairbolsonaro to be a trusted partner of Brazil in fighting the Covid-19 pandemic together. We will continue to strengthen our cooperation on healthcare. https://t.co/0iHTO05PoM
— Narendra Modi (@narendramodi) January 23, 2021 " class="align-text-top noRightClick twitterSection" data="
">The honour is ours, President @jairbolsonaro to be a trusted partner of Brazil in fighting the Covid-19 pandemic together. We will continue to strengthen our cooperation on healthcare. https://t.co/0iHTO05PoM
— Narendra Modi (@narendramodi) January 23, 2021The honour is ours, President @jairbolsonaro to be a trusted partner of Brazil in fighting the Covid-19 pandemic together. We will continue to strengthen our cooperation on healthcare. https://t.co/0iHTO05PoM
— Narendra Modi (@narendramodi) January 23, 2021
দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি, ভাৰতে ব্ৰাজিলক প্ৰদান কৰিছে কোভিশ্বিল্ডৰ মিলিয়ন প্ৰতিষেধক টীকা ৷ ভাৰতত নিৰ্মিত এইসমূহ প্ৰতিষেধক ইতিমধ্যেই লাভ কৰিছে বাংলাদেশ, ভূটান, ম্যানমাৰ, মৰক্কো, দক্ষিণ আফ্ৰিকা আৰু ছৌদি আৰবে ৷
কোভিড মহামাৰীৰ ভয়াৱহতাৰ এবছৰৰ পিচতেই ভাৰতেই হৈছে বিশ্বৰ প্ৰথমখন দেশ যিয়ে সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে দুটাকৈ প্ৰতিষেধক প্ৰস্তুত কৰি উলিওৱাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : কোভিড-১৯ ৰ টীকা সকলোৰে বাবে সাৰ্বজনীন হ'ব লাগেঃ প্ৰধানমন্ত্ৰী