চিটাৰা ডেস্ক, 12 অক্টোবৰ: বৰ্তমান অতি কঠিন পৰিস্থিতিৰে পাৰ হ’ব লগা হৈছে টিভি অভিনেত্ৰী মধুৰা নাইকে । শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে কৈছিল যে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধত তেওঁৰ ভনীয়েক আৰু ভনী জোৱায়েকৰ মৃত্যু হৈছে ৷ এতিয়া শেহতীয়া খবৰ অনুসৰি অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ পৰিয়ালৰ ৩০০ সদস্য ইজৰাইলত আবদ্ধ হৈ আছে । উল্লেখ্য যে, মধুৰাৰ মাতৃ ইজৰাইলী আৰু পিতৃ হিন্দু ।
শেহতীয়াকৈ সংবাদ মাধ্যমেৰে হোৱা এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘মোৰ পৰিয়ালে মোৰ ভনীয়েক আৰু ভনী জোৱায়েকৰ নিৰুদ্দেশৰ বিষয়ে অৱগত কৰিছিল ৷ কিন্তু 24 ঘণ্টাৰ ভিতৰতে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছিল । নিজৰ সন্তাৰ সৈতে দুয়ো এখন বাহনত আছিল ৷ সেই সময়ত তাত কৰ্তব্যত থকা বিষয়াসকলে নিৰাপদে উদ্ধাৰ কৰে শিশু দুটিক ।’’
মধুৰাই কয়, ‘‘দুৰ্ভাগ্যজনকভাৱে ইজৰাইলৰ পৰিস্থিতি সদায়ে এনেকুৱাই হৈ আহিছে । আমি বহুবাৰ এনে পৰিস্থিতিৰ সন্মুখীন হৈছো । মোৰ পৰিয়ালটো চিন্তিত যে কথাবোৰ কেনেকৈ আগবাঢ়িব । মোৰ ছ’চিয়েল মিডিয়া পোষ্টত এই বিষয়ে কোৱাটো গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিলোঁ । নিৰাপত্তাজনিত কাৰণত মই বৰ্তমান ক’ত আছো ক’ব নোৱাৰো, মোৰ কোনজন সদস্য ইজৰাইলত আবদ্ধ হৈ আছে সেয়াও ক’ব নোৱাৰো । মোৰ পোষ্টৰ পিচত মই সাম্প্ৰদায়িক ঘৃণা লাভ কৰিছো । নিৰীহ লোকৰ জীৱনৰ প্ৰতি মানুহে সহানুভূতি প্ৰকাশ নকৰাটো আশ্চৰ্যকৰ । মৃত্যু হোৱা সকল নিৰীহ সাধাৰণ নাগৰিক এইকথা তেওঁলোকে কিয় বুজিব পৰা নাই ৷ ২৬/১১ ৰ মুম্বাইত ঘটা ঘটনাৰ দৰেই এইটো এটা সন্ত্ৰাসবাদী আক্ৰমণ ।’’
মধুৰাই লগতে কয় যে যোৱা কেইদিনমানৰ পৰা বেয়া মন্তব্য আৰু ভাবুকি লাভ কৰি আহিছে তেওঁ । অৱশ্যে তেওঁ ভাৰতৰ প্ৰশংসা কৰি কয়, ‘‘পৃথিৱীৰ সকলো প্ৰান্তৰ সকলো ইহুদীৰ বাবে সুৰক্ষিত হোৱাটো অতি প্ৰয়োজনীয় । ভাৰতত মই নিজকে অতি নিৰাপদ অনুভৱ কৰিছো । ইয়াৰে কৰ্তৃপক্ষই আমাক বহুত সহায় কৰিছে । যদি এনে কোনো পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে মই জানো যে মোৰ ওচৰত তেওঁলোকৰ সম্পূৰ্ণ সমৰ্থন আছে । মই ইহুদী আৰু হিন্দু দুয়োটা ধৰ্মকে বিশ্বাস কৰোঁ । মাথোঁ সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছো ।’’
লগতে পঢ়ক: Israel-Hamas War: ইজৰাইল-হামাছ যুদ্ধত নিহত অভিনেত্ৰী মধুৰা নায়কৰ ভগ্নী-ভনী জোৱায়েক