চিটাৰা ডেস্ক, 15 ডিচেম্বৰ : বৃহস্পতিবাৰে তিৰুমালাৰ শিখৰত থকা শ্ৰী ভেংকটেশ্বৰ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায় চুপাৰষ্টাৰ ৰজনীকান্তে । কন্যা ঐশ্বৰ্যৰ সৈতে অভিনেতা গৰাকীয়ে সুপ্ৰভাত সেৱাত অংশগ্ৰহণ কৰে (Superstar Rajinikanth news) । পুৰোহিতসকলৰ দ্বাৰা নিৰ্দেশিত হৈ তেওঁলোকে বিভিন্ন ৰীতি-নীতি পালন কৰিছিল । পিছত, তেওঁলোকক ৰংগনায়কুলা মণ্ডপত বেদ আশীৰ্বাদ প্ৰদান কৰা হয় ।
ইয়াৰ পূৰ্বে পাহাৰীয়া মন্দিৰৰ কাম-কাজ পৰিচালনা কৰা তিৰুমালা তিৰুপতি দেৱস্থান (টিটিডি)ৰ বিষয়াসকলে মন্দিৰৰ মূল দুৱাৰত উপস্থিত হোৱাৰ লগে লগে ৰজনীকান্ত আৰু ঐশ্বৰ্যক আদৰণি জনায় । বুধবাৰে পিতৃ-কন্যা এই মন্দিৰৰ চহৰত উপস্থিত হৈছিল আৰু নিশাটো তাত কটাই পুৱাৰ ভাগত মন্দিৰ দৰ্শন কৰে ।
ৰজনীকান্তই 72 বছৰ সম্পূৰ্ণ কৰাৰ তিনিদিন পিছতে মন্দিৰ পৰিদৰ্শন কৰে । কন্যাৰ সৈতে তেওঁৰ মন্দিৰ ভ্ৰমণৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । জানিব পৰা মতে চুপাৰষ্টাৰগৰাকীয়ে দিনটোৰ পিছত কাদাপাৰ পেড্ডা দৰগাহ ভ্ৰমণ কৰিব । কন্যাৰ সৈতে জনপ্ৰিয়ভাৱে পেড্ডা দৰগাহ নামেৰে পৰিচিত আমিন পীৰ দৰগাহত প্ৰাৰ্থনা কৰিব ৰজনীকান্তে ।
ৱৰ্ক ফ্ৰণ্টত ৰজনীকান্তে বৰ্তমান নেলছন দিলীপকুমাৰৰ ‘জেলাৰ’ ছবিৰ শ্বুটিং কৰি আছে । 2023 চনত পৰ্দাত মুক্তি পোৱাৰ সম্ভাৱনা আছে ছবিখন । তেওঁৰ কন্যা ঐশ্বৰ্যৰ আগন্তুক ছবি লাল চালামতো কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছে । অন্নাথে (2021) ছবিত দেখা পোৱা ৰজনীকান্তে শেহতীয়াকৈ লাইকা প্ৰডাকচনৰ সৈতে দুখন ছবিৰ চুক্তিত স্বাক্ষৰ কৰে । তেওঁৰ পৰৱৰ্তী ছবিখনৰ নাম চিবি চক্ৰৱতী বা দেশিং পেৰিয়াছামী হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : Pathaan news: উত্তৰ প্ৰদেশৰ বিজেপি সমৰ্থকে বিচাৰিছে ‘বয়কট পাঠান’