ETV Bharat / entertainment

Saurabh Raj Jain: সৌৰভ ৰাজ জৈনে ছবি শ্বেয়াৰ কৰি জনালে পত্নীৰ স্বাস্থ্য়ৰ আপডেট

author img

By

Published : Jun 12, 2023, 2:14 PM IST

মহাভাৰতত ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা সৌৰভ জৈনৰ পত্নীৰ অলপতে অস্ত্ৰোপচাৰ কৰা হয় । একে সময়তে অভিনেতাগৰাকীয়ে এতিয়া ছবি শ্বেয়াৰ কৰি পত্নীৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত (Saurabh Raj Jain)।

Sourabh Raaj Jain: Ridhima is now home and is recovering fast
পত্নীৰ স্বাস্থ্যৰ বিষয়ে কি ক’লে সৌৰভ জৈনে

চিটাৰা ডেস্ক, 12 জুন: সৌৰভ ৰাজ জৈন এগৰাকী জনপ্ৰিয় টিভি অভিনেতা । ‘মহাভাৰত’ত ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি সৌৰভ অতি জনপ্ৰিয় হৈ পৰিছিল ৷ শেহতীয়াকৈ অভিনেতাজনে পত্নীৰ অস্ত্ৰোপচাৰ সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছিল (Saurabh Raj Jain)।

সৌৰভ ৰাজ জৈনে শ্বেয়াৰ কৰিছে পত্নীৰ স্বাস্থ্যৰ আপডেট

সৰু পৰ্দাত শক্তিশালী অভিনয়ৰ বাবে পৰিচিত অভিনেতা সৌৰভ জৈনে শেহতীয়াকৈ তেওঁৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল যে তেওঁৰ পত্নী ৰিদ্ধিমাৰ অস্ত্ৰোপচাৰৰ বিষয়ে । ৰিদ্ধিমাৰ স্বাস্থ্যৰ অৱনতিৰ কথা প্ৰকাশ কৰিছিল অভিনেতাজনে। ছবিসমূহ শ্বেয়াৰ কৰি সৌৰভে চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীসকলক সহায় আৰু চিকিৎসাৰ বাবে ধন্যবাদ জনাই এখন দীঘলীয়া কৃতজ্ঞতা টোকাও লিখিছিল। ছবিখনত অভিনেতাগৰাকীৰ পত্নীক চিকিৎসালয়ৰ বিচনাত দেখা গৈছে । বহু ছবিত সৌৰভৰ পত্নীয়ে চিকিৎসকৰ সৈতে ফটো ক্লিক কৰা দেখা গৈছে (Saurabh Raj Jain Wife Health) ।

সৌৰভে চিকিৎসক আৰু নাৰ্ছৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে

একে সময়তে পত্নীৰ অসুস্থতাৰ তথ্য শ্বেয়াৰ কৰি সৌৰভে লিখিছে, "সকলো ঠিকেই আছে, মোৰ পত্নী এতিয়া ঘৰলৈ উভতি আহিছে । ৰিধিমাই জীৱন সংকটজনক পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গ’ল, বিতংভাৱে যাব নিবিচাৰো ।" কিন্তু এই পোষ্টটো চিকিৎসক আৰু নাৰ্ছৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতাৰ পোষ্ট ৷"

হাস্পতালৰ পৰা ঘৰলৈ উভতি আহিল সৌৰভৰ পত্নী

ৰিদ্ধিমাৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ অহৰহ যোগাযোগত থকা সকলো বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীক ধন্যবাদ জ্ঞাপন কৰে সৌৰভে (Sourabh Jain shares wife Ridhimas health update)। অভিনেতাগৰাকীয়ে লিখিছে, "অনবৰতে সংস্পৰ্শত থকা, মোৰ লগত কথা পাতি থকা আৰু মোক সাহস দি থকা সেই সকলো বন্ধুক ধন্যবাদ । নাম উল্লেখ নকৰো, কিন্তু এই সময়ছোৱাত মোৰ বাবে কিমান সহায়ক হৈছে সেয়া আপোনালোকে জানে । আৰু ৰিদ্ধি আপুনি মোৰ চিনাকি আটাইতকৈ শক্তিশালী ছোৱালী । মই আপোনাক চিৰদিনৰ বাবে ভাল পাওঁ।" অভিনেতাগৰাকীয়ে লগতে লিখিছে, "ভগৱানৰ কৃপাত ৰিদ্ধিমা ঠিকেই আছে আৰু ঘৰলৈ উভতি আহিছে।"

সৌৰভ ৰাজ জৈনৰ ৱৰ্ক ফ্ৰন্ট

সৌৰভ ৰাজ জৈনে ২০১০ চনৰ ২৮ নৱেম্বৰত ৰিদ্ধিমা জৈনৰ সৈতে বিবাহপাশত আবদ্ধ হয় (Riddhima Saurabh Jain)। ২০১৭ চনৰ ২১ আগষ্টত যমজ সন্তান ঋষিকা (এগৰাকী ছোৱালী) আৰু ঋষিক (এজন ল’ৰা)ক জন্ম দিয়ে । পেছাদাৰী ফ্ৰণ্টত অভিনেতাগৰাকীয়ে অভিনয় জীৱনত বহুতো কাল্পনিক আৰু অকাল্পনিক শ্ব’ত অভিনয় কৰিছে । ইয়াৰে কিছুমানৰ ভিতৰত আছে পাটিয়ালা বেবছ, ৰিমিক্স, উত্তৰান, মহাভাৰত, মহাকালি, চন্দ্ৰগুপ্ত মৌৰ্য আৰু বহুতো ।

লগতে পঢ়ক: Kangana Ranaut: ৰামায়ণত ৰাম হ’ব ৰণবীৰ কাপুৰ, কংগনা ৰানাৱটে পোষ্ট শ্বেয়াৰ কৰি ক’লে- এটা বগা নিগনি. .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.