ETV Bharat / entertainment

Sara Ali Khan: মুম্বাই মেট্ৰ’ত কি কৰিছে ছাৰা আলী খানে ? চাওক ফটো - মুম্বাইত মেট্ৰ’ৰে যাত্ৰা কৰিছে ছাৰা আলী খান

মুম্বাইত মেট্ৰ’ৰে যাত্ৰা কৰিছে ছাৰা আলী খানে ৷ নিজৰ ছ’চিয়েল মিডিয়া একাউন্টত শ্বেয়াৰ কৰিলে ফটো (Sara Ali Khan travels by metro) ৷

Sara Ali Khan travels by metro in Mumbai, shares video
মুম্বাইত মেট্ৰ’ৰে যাত্ৰা কৰিছে ছাৰা আলী খানে
author img

By

Published : Apr 27, 2023, 10:34 AM IST

চিটাৰা ডেস্ক, ২৭ এপ্ৰিল : বলীউডৰ অভিনেতা-অভিনেত্ৰীসকলক নিজৰ ব্যক্তিগত বাহনতে ভ্ৰমণ কৰা দেখা যায় ৷ বাছ, মেট্ৰ’ আদিত সততে অভিনেতা-অভিনেত্ৰীসকলক ভ্ৰমণ কৰা দেখা পোৱা নাযায় ৷ কিন্তু শেহতীয়াকৈ বলীউডৰ এগৰাকী অভিনেত্ৰীক দেখা পোৱা গ’ল মুম্বাই মেট্ৰ’ত ৷ হয়, ছাইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা তথা অভিনেত্ৰী ছাৰা আলী খানক মেট্ৰ’ত ভ্ৰমণ কৰা দেখা গ’ল (Sara Ali Khan travels by metro) ৷

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছে ভিডিঅ’ , য’ত অভিনেত্ৰীগৰাকীক মেট্ৰ’ত বহি থকা দেখা পোৱা গৈছে । বগা কুৰ্তা আৰু চশমা পৰিধান কৰা ছাৰাক হাঁহি এটা মাৰি কেমেৰাৰ ফালে হাত জোকাৰি থকা দেখা গ’ল (Sara Ali Khan in metro)।

Sara Ali Khan travels by metro in Mumbai, shares video
মুম্বাইত মেট্ৰ’ৰে যাত্ৰা কৰিছে ছাৰা আলী খানে

‘মেট্ৰ’ ইন ডিনো’ৰ সহ অভিনেতা আদিত্য ৰয় কাপুৰ আৰু পৰিচালক অনুৰাগ বসুক টেগ কৰি পোষ্টটোৰ কেপচনত ছাৰাই লিখিছে, "মুম্বাই মেৰী জান ৷ আপোনালোক অহাৰ পূৰ্বেই মই মুম্বাই মেট্ৰ’ত থাকিম বুলি ভবা নাছিলো ।"

ইয়াৰ পৰা বুজিব পাৰি যে ছাৰাই নিজৰ আগন্তুক ছবি ‘মেট্ৰ’ ইন ডিনো’ৰ শ্বুটিং আৰম্ভ কৰিছে ৷ যিখন ছবি আপাত দৃষ্টিত ‘লাইফ ইন এ মেট্ৰ’ৰ জনপ্ৰিয় গীত ‘ইন ডিনো’ৰ পৰাই নিজৰ শিৰোনাম লাভ কৰিছে । এই ছবিখনত সমসাময়িক কালৰ ওপৰত ভিত্তি কৰি মানৱ সম্পৰ্কৰ তিতা-মিঠা কাহিনী প্ৰদৰ্শন কৰা হ’ব (Sara Ali Khan took a Metro ride in Mumbai) ।

এই ছবিখনত ছাৰা আলী খান, কংকোনা সেন শৰ্মা, পংকজ ত্ৰিপাঠী, ফাতিমা চানা শ্বেইখ, অনুপম খেৰ, আলী ফজল আৰু নীনা গুপ্তাক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা যাব । ছবিখনৰ বিষয়ে অধিক সবিশেষ শ্বেয়াৰ কৰি অনুৰাগ বসুৱে ইয়াৰ পূৰ্বে কৈছিল, "মেট্ৰ' ইন ডিনো হৈছে ৰাইজৰ আৰু জনসাধাৰণৰ কাহিনী ! এই ছবিখনৰ কাম কিছুদিন পৰা আৰম্ভ হৈছে আৰু মই সহযোগিতা কৰি আনন্দিত হৈছো ।"

তেওঁ লগতে কয়, ভূষণ কুমাৰৰ দৰে শক্তিশালী এজনৰ সৈতে আকৌ এবাৰ, যি মোৰ বাবে সদায় স্তম্ভৰ দৰে হৈ আহিছে ৷ কাহিনীৰ ৰেখাডাল অতি সতেজ আৰু প্ৰাসংগিক কাৰণ মই এনে আচৰিত শিল্পীৰ সৈতে সহযোগিতা কৰিবলৈ আগ্ৰহী যিয়ে সমসাময়িক আভাৰ সেই সাৰমৰ্মক লগত লৈ আহে । যিহেতু সংগীতে যিকোনো ছবিত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, গতিকে মই ইয়াতকৈ বেছি ।"

অনুৰাগ বসুৱে লগতে কয়, ‘মোৰ প্ৰিয় বন্ধু প্ৰীতমৰ সৈতে সহযোগিতা কৰি যিয়ে আক্ষৰিক অৰ্থত নিজৰ কামেৰে চৰিত্ৰ আৰু কাহিনীত জীৱন যোগ কৰিছে ।" (ANI)

লগতে পঢ়ক: Dahaad Teaser OUT: ২৭ গৰাকী ছোৱালীৰ হত্যাকাণ্ডৰ গোচৰ অনুসন্ধান চলাব সোনাক্ষী সিনহাই !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.