চিটাৰা ডেস্ক, 29 মে’: ভাৰতপেৰ প্ৰাক্তন এম ডি তথা সহ-প্ৰতিষ্ঠাপক অশ্বনীৰ গ্ৰ’ভাৰে কিবা নহয় কিবা কাৰণত প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে । বহু ধৰণৰ অভিযোগো তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে। পূৰ্বে ছনী টিভিৰ জনপ্ৰিয় শ্ব’ শ্বাৰ্ক টেংকত দেখা পোৱা গৈছিল অশ্বনীৰক (Ex shark Ashneer Grover)। খঙাল স্বভাৱৰ বাবে পৰিচিত অশ্বনীৰ গ্ৰ’ভাৰ দীৰ্ঘদিন ধৰি চৰ্চাত আছিল ৷ শেহতীয়াকৈ তেওঁ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগো উত্থাপন হৈছিল । মুঠৰ ওপৰত কিবা নহয় কিবা কাৰণত প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামত থাকে অশ্বনীৰ ৷
এইবাৰ পুনৰ চৰ্চাত আহিছে অশ্বনীৰ ৷ কিন্তু অন্য এক কাৰণত চৰ্চাত আহিছে ৷ যিটো দেখি আচৰিত হৈ পৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰী ৷ দৰাচলতে তেওঁক অতি সোনকালে দেখা যাব এমটিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ৰ’ডিজৰ নতুন ছিজনত (MTV Roadies 19)। যাৰ প্ৰমো ইতিমধ্যেই মুকলি কৰিছে মেকাৰে । প্ৰমো প্ৰকাশ পোৱাৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে অশ্বনীৰক বিভিন্ন প্ৰশ্ন উত্থাপন কৰা দেখা যায় (Roadies 19 promo) ।
- " class="align-text-top noRightClick twitterSection" data="
">
ৰ’ডিজত দেখা যাব আশ্বনীৰ গ্ৰ’ভাৰক
এমটিভি ৰ’ডিজ ১৯ – কৰ্ম ইয়া কাণ্ডৰ নতুন প্ৰমো ভিডিঅ’ত ভাৰতৰ চহৰবোৰত অডিচন দিয়াসকলৰ আভাস দেখোৱা হৈছে ৷ এই প্ৰমোটো হৈছে অডিচন ৰাউণ্ডৰ । প্ৰতিযোগীসকল যেতিয়া সাক্ষাৎকাৰ ল’বলৈ আহে, তেতিয়া গেং লিডাৰৰ মাজত তেওঁলোকক কিনিবলৈ নিবিদা আৰম্ভ হয় (Ashneer Grover appears in Roadies 19 promo)।
ইয়াৰ পূৰ্বে অশ্বনীৰ গ্ৰভাৰৰ সৈতে চনু ছুদে ঘোষণা কৰে যে ‘প্ৰতিযোগী নিলাম’ ৰাউণ্ড হ’ব, য’ত প্ৰতিযোগীসকলৰ নিলাম আৰম্ভ হ’ব । ইয়াৰ পিচত এজন এজনকৈ প্ৰতিযোগী প্ৰৱেশ কৰে আৰু সকলো গেং লিডাৰে তেওঁলোকৰ বাবে নিবিদা আৰম্ভ কৰে । ইফালে গেং লিডাৰ ৰিয়া চক্ৰৱৰ্তী, প্ৰিন্স নাৰুলা আৰু গৌতম গুলাটিৰ মাজত কাজিয়া আৰম্ভ হয় আৰু গৌতম গুলাটিয়ে শ্ব’টো মাজভাগতে এৰি দিয়ে ।
আশ্বনীৰে কি ক’লে
প্ৰমোটোত আৰু দেখা গৈছে যে প্ৰতিযোগীসকলৰ এজনে শিৱ ঠাকৰেৰ মাস্ক পিন্ধা দেখা গৈছে। প্ৰতিযোগীসকলক ক্ৰয় কৰিবলৈ ইজনে সিজনৰ বিৰুদ্ধে নিবিদা কৰা দেখা যাব গেং লিডাৰসকলে। ইফালে অশ্বনীৰে কয় যে ‘ভিক্ষা খুজি আছে ? ভাই মোক লৈ যাওক ভিক্ষা খুজিবলৈ (Ashneer Grover appears in new Roadies promo)।
একে সময়তে একাংশ প্ৰতিযোগীয়ে গেং লিডাৰৰ সন্মুখত নিজকে বিক্ৰী কৰিবলৈ চেষ্টা কৰা দেখা যায় । এই কথা দেখি অশ্বনীৰ গ্ৰ’ভাৰৰ অনুৰাগীসকলে আচৰিত হৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে । প্ৰমোটোৰ ওপৰত মন্তব্য কৰি এজন অনুৰাগীয়ে লিখিছে যে ‘ অশ্বনীৰে এইটো বৰ জোকাৰণিদায়ক।’ ৰিয়া নামৰ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এইটো কি ? অশ্বনীৰ ইয়াত কি কৰি আছে ?’ আন এজনে লিখিছে, ‘কিছ লাইন মে আ গায়ে আপ ?’