ETV Bharat / entertainment

Assamese Movie Dr Bezbarua 2 মুক্তিৰ পথত নতুন অসমীয়া ছবি ডাঃ বেজবৰুৱা-২ - Release date of Dr Bezbarua

শীঘ্ৰেই দৃশ্যগ্ৰহণ আৰম্ভ হ'বলগীয়া ছবিখনৰ শুভ মহুৰত বৃহস্পতিবাৰে কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত সম্পন্ন হৈ যায় । বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে আঁতধৰা অনুষ্ঠানটিত প্ৰয়াত ব্ৰজেন বৰুৱাৰ আৱক্ষ মূৰ্তিত খ্যাতনামা শিল্পী আদিল হুছেইন, নিপন গোস্বামী, জুবিন গাৰ্গৰ লগতে বহুতো গণ্য মান্য ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

"ডাঃ বেজবৰুৱা-২"ৰ মহুৰত সম্পন্নঃ ছিকুৱেল ছবিখনক লৈ খুবেই আশাবাদী কলা-কুশলীসকল

author img

By

Published : Oct 15, 2020, 10:10 PM IST

Updated : Aug 13, 2022, 9:33 AM IST

গুৱাহাটা, ১৫ অক্টোবৰ: এ এম টেলিভিছনৰ অভিলাষী প্রকল্প ‘ডক্টৰ বেজবৰুৱা'ৰ(Assam film Dr Bezbaruah) ছিকুৱেল আৰম্ভ কৰাৰ বাবে প্রস্তুতি সম্পূর্ণ হৈ উঠিছে । শীঘ্ৰেই দৃশ্যগ্ৰহণ আৰম্ভ হ'বলগীয়া ছবিখনৰ শুভ মহুৰত বৃহস্পতিবাৰে কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনত সম্পন্ন হৈ যায় । বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুয়ে আঁতধৰা অনুষ্ঠানটিত প্ৰয়াত ব্ৰজেন বৰুৱাৰ আৱক্ষ মূৰ্তিত খ্যাতনামা শিল্পী আদিল হুছেইন, নিপন গোস্বামী, জুবিন গাৰ্গৰ লগতে বহুতো গণ্য মান্য ব্যক্তিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

আনহাতে, প্ৰযোজক ড° সঞ্জীৱ নাৰায়ণে নাৰিকল ভাঙি ছবিখনৰ মংগল কামনা কৰাৰ লগতে জুবিন গাৰ্গে ক্লেপষ্টিক আৰু ৰাজেশ ভূঞাই কেমেৰাৰ ছুইচ অন কৰি নিপন গোস্বামীৰ পৰিচালনাত আদিল হুছেইন আৰু সিদ্ধাৰ্থ গোস্বামীয়ে মহুৰত শ্বটত অভিনয় কৰে । উল্লেখ্য যে, অসমৰ চলচ্চিত্র জগতৰ এখন ব্যৱসায়িকভাৱে অতি সফল ছবি ডক্তৰ বেজবৰুৱাই মুক্তিলাভ কৰিছিল ১৯৬৯ চনৰ ৭ নৱেম্বৰত (Release date of Dr Bezbarua)। এই ছবিখন প্রথম অসমীয়া থ্ৰীলাৰ তথা ব্যৱসায়িকভাৱে ব্যাপক সফলতাৰ অধিকাৰী হােৱাই নহয়, ৰাষ্টীয় চলচ্চিত্র বঁটাৰেও ছবিখনে কৃতিত্ব অৰ্জন কৰিছিল । “ৰংঘৰ চিনে প্রডাকচনে’ প্ৰযোজনা কৰা ছবিখনি পৰিচালনা কৰিছিল প্রখ্যাত চলচ্চিত্র নির্মাতা ব্ৰজেন বৰুৱাই ।

কলাত্মকতা আৰু জনপ্রিয়তাৰ সমতা ৰক্ষাৰে নিপুনভাৱে নির্মিত এই ছবিখন ৫০ বছৰ পাছতাে অসমীয়া চলচ্চিত্র ৰসিকৰ মনত এক মধুৰ আৰু কলাত্মক সাঁচ বহুৱাই থাকিবলৈ সক্ষম হৈছে । যােৱা মাহত এ এম টলিভিছন প্রাইভেট লিমিটেডে ৫০ বছৰৰ পাছত ‘ডক্তৰ বেজবৰুৱা'ৰ ছিকুৱেল নির্মাণ কৰাৰ কথা ঘােষণা কৰিছিল । এন আৰ মােচন পিকচাৰ্ছৰ সহযােগত ছবিখন প্রযােজনা কৰিছে ড° সঞ্জীৱ নাৰায়ণে । সহযােগী প্রযােজক হিচাপে থাকিব ডাঃ অক্ষতা নাৰায়ণ ।

যুগমীয়া সাফল্যৰ অধিকাৰী ছবিখনক নতুন ৰূপত তুলি ধৰিব পৰিচালক নিপন গােস্বামীয়ে । "ডাঃ বেজবৰুৱা-২"ত অভনয় কৰিব ক্ৰমে আদিল হুছেইন, নিপন গােস্বামী, সিদ্ধার্থ নিপন গােস্বামী, জুবিন গাৰ্গ, মাধুৰিমা চৌধুৰী, অৰুণ হাজৰিকা, কিংকিনী গােস্বামী, ৰাজীৱ ক্র’, দীনেশ দাস, পদ্মৰাগ গােস্বামী, ভাস্কৰ তামুলী, অসীম বৈশ্য, ত্রিদীপ লাহন, গৌৰৱ বৰা, পাপৰি শইকীয়া, প্রিয়ংকা বৰা আৰু প্রদীপ নিশিতে । ইপিনে ছবিখনৰ সংগীত পৰিচালনাত আছে জুবিন গার্গ । কাহিনী আৰু চিত্রনাট্য ৰচনা কৰিছে ৰাজদ্বীপে । চিত্রগ্রহণকাৰী হৃদয় গগৈ।

লগতে পঢ়ক: বি টি আৰ দখল কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Aug 13, 2022, 9:33 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.