জাগীৰোড,১০ এপ্ৰিলঃ বুধবাৰে জাগীৰোডৰ ঝাৰগাঁৱত অনুষ্ঠিত হয় বিজেপিৰ সংকল্প সমাৰোহ । এই সমাৰোহত উপস্থিত থাকে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু নগাওঁ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপক শৰ্মা । সমাৰোহত শৰ্মাই বিজেপিৰ জয় নিশ্চিত বুলি কোৱাৰ লগতে কংগ্ৰেছ দলে কোনখন আসন পাই সেইটো এতিয়া চিন্তাৰ বিষয় বুলি মন্তব্য কৰে। আনহাতে, এ.আই.ডি.এফে এখন আসন পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰে মন্ত্ৰী হিমন্তই । হিমন্তই সমাৰোহত কোনো ব্যক্তিৰ বিষয়ে প্ৰকাশ নকৰো বুলি মন্তব্য কৰি কয় এই নিৰ্বাচনত মই এটাই কম "ৰাজ্যত আকৌ এবাৰ হ'ব মোদী চৰকাৰ" ।
আনহাতে, সভাত উপস্থিত হোৱা একাংশ ব্যক্তিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওচৰৰ পৰা এবাৰ লগ পোৱাৰ বাবে হেলিপেডৰ কাষত সমবেত হয় অজস্ৰ লোক আৰু এই লোকসকলক দেখি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে ভালদৰে থাকিবলৈ আহ্বান জনাই ।