ETV Bharat / crime

ঘাতক পুত্ৰৰ হাতত প্ৰাণ গ‘ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ

পুত্ৰৰ হাতত প্ৰাণ গ‘ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ ৷ হত্যাকাণ্ড সংঘটিত হৈছে নগাঁও জিলাৰ ইটাপাৰা আৰক্ষী চকীৰ এলেকাধীন চোট ৰৌমাৰিত ৷ গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ঘাতক পুত্ৰক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী পৰিয়ালৰ ৷

70-year-old-father-killed-by-son-in-itapara
ঘাতক পুত্ৰৰ হাতত প্ৰাণ গ‘ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ
author img

By

Published : Jun 1, 2021, 8:50 PM IST

চামগুৰি, 1 জুন: ঘাতক পুত্ৰৰ হাতত প্ৰাণ গ‘ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ । শেহতীয়াকৈ পোহৰলৈ আহিছে এক জঘন্য হত্যাকাণ্ডৰ ঘটনা ৷ হত্যাকাণ্ডটো সংঘটিত হৈছে নগাঁও জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ইটাপাৰা আৰক্ষী চকীৰ এলেকাধীন চোট ৰৌমাৰি অঞ্চলত । ঘাতক পুত্ৰই প্ৰাণ কাঢ়ি ল’লে নিজ জন্মদাতা ৭০ বছৰীয়া এগৰাকী বৃদ্ধ পিতৃৰ ।

বিগত ২৬ মে'ৰ দিনা দুপৰীয়া প্ৰায় ১১ মান বজাত সংঘটিত হৈছিল নগাঁৱৰ চোট ৰৌমাৰীত উক্ত ঘৃণনীয় হত্যাকাণ্ড । পিতৃয়ে পথাৰৰ কাম সামৰি এমুঠি আহাৰ গ্ৰহণ কৰি বিচনাত শুই থকাৰ অৱস্থাত সৰু পুত্ৰই প্ৰথমে ডিঙি ৰেপি তাৰ পাছত চুৰীৰে হানিখুচি হত্যা কৰি পলায়ন কৰে ৷

ঘাতক পুত্ৰৰ হাতত প্ৰাণ গ‘ল ৭০ বছৰীয়া বৃদ্ধ পিতৃৰ

পিতা-পুত্ৰৰ মনোমালিন্য আৰু পাৰিবাৰিক কাজিয়াৰ ফলতেই সংঘটিত হয় উক্ত নাৰকীয় হত্যাকাণ্ড ৷ আঘাতপ্ৰাপ্ত পিতৃ মহাম্মদ অলীক স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে প্ৰথমে নগাঁৱৰ অসামৰিক চিকিৎসালয়ত আৰু তাৰপাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় যদিও মৃত্যুৰে সৈতে দুদিন যুঁজি অৱশেষত ২৯ মে'ৰ দিনা মৃত্যুক সাৱতি ল‘ব লগা হয় ।

ইতিমধ্যে পৰিয়ালৰ লোকে উক্ত ঘটনা সন্দৰ্ভত গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অভিযুক্ত ঘাতক পুত্ৰ আইজুলক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: মেট্ৰিক নোহোৱালৈকে কৰিব নোৱাৰিব একাদশ শ্ৰেণীৰ নামভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.