ETV Bharat / city

ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 30, 2022, 6:59 PM IST

ভাৰত-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মঙলবাৰে ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত পৰ্যটনস্থলী ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈত দলঙৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে (CM laid foundation stone of bridge in Bhairabkunda) । প্ৰায় ৩৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা দলংখনৰ দৈৰ্ঘ্য হ'ব ৩২০ মিটাৰ ।

Himanta Biswa
Himanta Biswa

তেজপুৰ, ৩০আগষ্ট : মঙলবাৰে ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত পৰ্যটনস্থলী ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈত দলঙৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (foundation stone of bridge by Himanta Biswa Sarma) । প্ৰায় ৩৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা দলংখনৰ দৈৰ্ঘ্য হৈছে ৩২০ মিটাৰ । দলংখনে অসম-অৰুণাচল আৰু প্ৰতিবেশী ৰাষ্ট্ৰ ভূটানক সংযোগ কৰাৰ লগতে যাতায়াত ব্যৱস্থা সুচল কৰিব (foundation stone of bridge at Dhanshree in Bhairabkunda) ।

ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
ভৈৰৱকুণ্ডৰ ধনশ্ৰী নৈৰ ওপৰত দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য, বিটিআৰ চুক্তিৰ (BTR Accord) আধাৰত ওদালগুৰি-ভৈৰৱকুণ্ড পথৰ ধনশ্ৰী নৈত দলংখন নিৰ্মাণ কৰা হৈছে । আজি আধাৰশিলা স্থাপন কৰা দলংখন ২০২৫ চনৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে (CM laid foundation stone of bridge in Bhairabkunda) । দলংখন নিৰ্মাণ হ'লে ভৈৰৱকুণ্ড পৰ্যটন ক্ষেত্ৰখন উন্নয়নৰ দিশত আৰু এখোজ আগবাঢ়িব বুলি মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে (Tourist place Bhairabkunda) ।

ইফালে দলংখনৰ আধাৰশিলা স্থাপন কৰি এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৪ হাজাৰখন হাইস্কুল উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা ব্যয় কৰিব বুলিও বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa announced development of schools) । মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত সভাত বিটিআৰ তথা ওদালগুৰি জিলাৰ বাবে কেইবাটাও উন্নয়নমূলক আঁচনি ঘোষণা কৰে ।

লগতে অহা ৭ ছেপ্টেম্বৰত কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেটত বিটিআৰৰ বাবে গুড উইল মিছনৰ (good will mission of BTR) জৰিয়তে অধিক পুঁজি আবণ্টন দিয়াৰ লগতে বিটিআৰে ১২০ কিলোমিটাৰ পকীপথ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে । গুড উইল মিছনৰ জৰিয়তে ওদালগুৰি জিলাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপন কৰাৰ লগতে আৰু কেইবাটাও আঁচনি ঘোষণা কৰে (Bodoland University campus in Udalguri) ।

অন্যহাতে, অহা ১ তাৰিখৰ পৰা চাহ বাগানৰ কৰ্মচাৰীৰ মজুৰি বৃদ্ধি কৰাৰ উপৰি আৰু ১০০ খন বিদ্যালয় চাহবাগনত প্ৰতিষ্ঠা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । সমান্তৰালকৈ মাধ্যম বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে যিসকলে এই লৈ বিতৰ্ক কৰি আছে তেওঁলোকৰ নিজৰ ল'ৰা-ছোৱালী ইংৰাজী মাধ্যমত পঢ়াই আছে (CM reaction in medium controversy) ।

ভৈৰৱকুণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গতিকে আমি দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ডাক্তৰ-ইঞ্জিনিয়াৰ হ'ব পাৰে তাৰ বাবে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত মাত্ৰ দুটা বিষ‌য় ইংৰাজী ভাষাত অধ্যয়নৰ ব্যৱস্থা কৰিছো । আজিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সংগ দিয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো (BTR chief Pramod Boro), কেবিনেট মন্ত্ৰী অশোক সিংঘাল, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ লগতে শাসক-বিৰোধীৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক :বৰষুণৰ অভাৱত হাহাকাৰ ৰাজ্যৰ কৃষকৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.